ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত পৱিত্ৰ ৰথ যাত্ৰা পালন
ডিব্ৰুগড়, ১৬ জুলাই (হি.স.)। ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত উলহ মালহেৰে পালন পৱিত্ৰ ৰথ যাত্ৰা। উড়িষ্য়াৰ পুৰী জগন্নাথ মন্দিৰৰ সমান্তৰালকৈ ডিব্ৰগড়ৰ খনিকৰস্থিত জগন্নাথ মন্দিৰতো আজি উদযাপন কৰা হয় শ্ৰী শ্ৰী জগন্নথ ৰথ যাত্ৰা। প্ৰতিবছৰে আহাৰ মাহৰ শুক্ল দ
ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত পৱিত্ৰ ৰথ যাত্ৰা পালন


ডিব্ৰুগড়, ১৬ জুলাই (হি.স.)। ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত উলহ মালহেৰে পালন পৱিত্ৰ ৰথ যাত্ৰা।

উড়িষ্য়াৰ পুৰী জগন্নাথ মন্দিৰৰ সমান্তৰালকৈ ডিব্ৰগড়ৰ খনিকৰস্থিত জগন্নাথ মন্দিৰতো আজি উদযাপন কৰা হয় শ্ৰী শ্ৰী জগন্নথ ৰথ যাত্ৰা। প্ৰতিবছৰে আহাৰ মাহৰ শুক্ল দ্বিতীয়া তিথিত পালন কৰা হয় ৰথ যাত্ৰা।

লোক বিশ্বাস অনুসৰি এই পবিত্ৰ যাত্ৰাত শ্ৰীকৃষ্ণৰ অৱতাৰ প্ৰভু জগন্নাথ, তেঁওৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰা তিনিখন বিশাল ৰথত উঠি মাহিয়েকৰ ঘৰ অৰ্থাৎ গুণ্ডিচা মন্দিৰলৈ গমন কৰে। ন দিন মাহিয়েকৰ ঘৰত থকাৰ পাছত পুনৰ ওভোতনি যাত্ৰাৰ জৰিয়তে নিজ স্থানলৈ প্ৰভু ঘূৰি আহে। উক্ত সময়চোৱাত মন্দিৰৰ গৰ্ভদ্বাৰ বন্ধ ৰখা হয়।

ডিব্ৰুগড় খনিকৰস্থিত জগন্নাথ মন্দিৰৰ পৱিত্ৰ ৰথ যাত্ৰাত হাজাৰ হাজৰ ভক্তৰ লগতে অংশগ্ৰহণ কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য,স্থানীয় বিধায়ক প্ৰশান্ত ফুকনকে ধৰি বহু গন্যমান্য বক্তিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande