ধুবুৰীত বিশ্ব সৰ্প দিৱস (World Snake Day) পালন
ধুবুৰী, ১৬ জুলাই (হি.স.)। ধুবুৰীত প্রতি বছৰে ১৬ জুলাই তাৰিখে বিশ্ব সৰ্প দিৱস (World Snake Day) পালন কৰা হয়। সাপৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, ভুল ধাৰণা দূৰ কৰা আৰু পৰিৱেশতন্ত্ৰত সাপৰ ভূমিকা বুজাবলৈ উক্ত দিৱস পালন কৰা হয়। ধুবুৰীৰ বিশিষ্ট প্ৰকৃতি প
ধুবুৰীত বিশ্ব সৰ্প দিৱস (World Snake Day) পালন


ধুবুৰী, ১৬ জুলাই (হি.স.)। ধুবুৰীত প্রতি বছৰে ১৬ জুলাই তাৰিখে বিশ্ব সৰ্প দিৱস (World Snake Day) পালন কৰা হয়। সাপৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, ভুল ধাৰণা দূৰ কৰা আৰু পৰিৱেশতন্ত্ৰত সাপৰ ভূমিকা বুজাবলৈ উক্ত দিৱস পালন কৰা হয়।

ধুবুৰীৰ বিশিষ্ট প্ৰকৃতি প্ৰেমী মেহতাব উদ্দিন আহমেদে কয় প্ৰকৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ হৈছে সাপ। সাপক ভয় কৰি হত্যা কৰাৰ সলনি সিহঁতৰ প্ৰয়োজনীয়তা জনসাধাৰণক অৱগত কৰিব লাগে।

সাপে খেতিৰ শস্য খোৱা নিগনি আৰু পোক-পতংগ খাই কৃষকক সহায় কৰে।

অসমত বহু বিষাক্ত আৰু অবিষাক্ত সাপ পোৱা যায়। তাৰ ভিতৰত ৰাজ ফেঁটী, চকৰী ফেঁটী (Monocled Cobra), শংখচূৰ, আৰু বিষাক্ত ভাইপাৰ (Viper) প্ৰধান।

সাপে কামোৰাৰ পিছত বেজৰ ওচৰলৈ যোৱাৰ সলনি ততাতৈয়াকৈ চিকিৎসক বা চিকিৎসালয়লৈ যোৱাৰ বাবে জনসাধাৰণলৈ আহ্বান প্ৰকৃতি প্ৰেমী গৰাকীৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande