ধুবুৰীৰ আদালতত দুই সতিনীৰ মাৰপিট
ধুবুৰী ,১৬ জুলাই (হি.স.)। ধুবুৰীৰ আদালতত দুই সতিনীৰ মাৰপিট। হুলস্থূলীয়া পৰিৱেশ। আদালতত এগৰাকী বিবাহিতা মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা। আটক স্বামী আৰু স্বামীৰ ভাতৃ। গোলোকগঞ্জ চাৰিআলি অঞ্চলৰ আজাহাৰ নামৰ ব্যক্তি গৰাকীৰ দুগৰাকী পত্নী, তাৰেই প্ৰথম
ধুবুৰীৰ আদালতত দুই সতিনীৰ মাৰপিট


ধুবুৰী ,১৬ জুলাই (হি.স.)। ধুবুৰীৰ আদালতত দুই সতিনীৰ মাৰপিট। হুলস্থূলীয়া পৰিৱেশ। আদালতত এগৰাকী বিবাহিতা মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা। আটক স্বামী আৰু স্বামীৰ ভাতৃ। গোলোকগঞ্জ চাৰিআলি অঞ্চলৰ আজাহাৰ নামৰ ব্যক্তি গৰাকীৰ দুগৰাকী পত্নী, তাৰেই প্ৰথম গৰাকীৰ নাম বাব্লি।

আজি ধুবুৰী আদালতত আছিল কেছৰ তাৰিখ। তালাক নিদিয়াকৈয়ে দুই পত্নীক লৈ এতিয়া কোনো দিগ বিদিগ বিচাৰি পোৱা নাই আজাহাৰে। আদালতত আজাহাৰ উপস্থিত হৈছিল নিজৰ দ্বিতীয় পত্নী, পিতা, মাতৃ আৰু ভাতৃক লৈ। কিন্তু আজাহাৰৰ পৰিয়ালে আদালতত উপস্থিত হৈ দ্বিতীয় পত্নী আৰু প্ৰথম পত্নীৰ কাজিয়াৰ সুৰুঙা লৈ প্ৰথম পত্নীৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ লয়। চিঞৰ বাখৰ কৰাত কথমপি প্ৰাণ ৰক্ষা পৰে প্ৰথম পত্নী বাবলিৰ।

ইপিনে আজাহাৰৰ লগতে ডেগাৰেৰে আক্ৰমণ কৰা ভাতৃ আৰু পিতৃক আটক কৰে আৰক্ষীয়ে।এই ঘটনাৰ পাছতেই এতিয়া আদালত চৌহদত এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande