
নগাঁও, ১৬ জুলাই (হি.স.)। চামগুৰিৰ বৰমা বিলত বুধবাৰে নিশা জানাজা দিয়া এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ। আৰক্ষীয়ে কবৰ খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। কেৰেলাত থকা জীয়ৰী এছমীনা খাতুনে দাখিল কৰা অভিযোগৰ ভিত্তিত চামগুৰি আৰক্ষীয়ে উক্ত ব্যৱস্থা গ্ৰহণ কৰে। এছমীনা খাতুনে অভিযোগ কৰিছে যে তেওঁৰ মাতৃ ছালেহা খাতুনৰ মৃত্যু স্বাভাৱিক মৃত্য়ু নহয়, ই এক হত্যাকাণ্ড আছিল লুকুৱাবলৈ চেষ্টা কৰা হৈছিল।
অভিযোগত তেওঁ নিজৰ খুৰাক নুৰুল আমিন ইছলাম আৰু তেওঁৰ জীয়ৰী চাবিনাৰ নাম উল্লেখ কৰিছে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ মতে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ঘটনাৰ সম্পূৰ্ণ তথ্য স্পষ্ট হ'ব। তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ