
কোকৰাঝাৰ, ১৬ জুলাই (হি.স.)। গোসাঁইগাঁৱত কালি নিশা অঘটন। আৰক্ষীৰ হাতৰ পৰা পলায়ন আচামীৰ। কালি নিশা তিনিজন আচামীক স্বাস্থ্য পৰীক্ষা কৰিবলৈ গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত নিয়া সময়ত এই ঘটনা সংঘটিত হয়।এগৰাকী হাবিলদাৰ আৰু গৃহৰক্ষী জোৱানে তিনি গৰাকী আচামীক নিছিল চিকিৎসালয়ত। সেই সময়ত দুজনে দৌৰি পলায়ন কৰে যদিও এজনক কোনো মতে আটক কৰে আৰু আনজন এতিয়াও পলাতক হৈ আছে। ৰিয়াজুল হক নামৰ আচামী জন বৰ্তমানো পলাতক হৈ আছে।
আৰক্ষীৰ লগতে স্থানীয় ৰাইজে গোসাঁইগাঁৱৰ আৰ এন বি অসামৰিক চিকিৎসালয়ৰ ওচৰে পাজৰে নিশা বিচাৰি ফুৰিছে পলাতক আচামী ৰিয়াজুলক। জানিব পৰা মতে ৰিয়াজুল হকৰ ঘৰ ধুবুৰী জিলাৰ গৌৰীপুৰত। উল্লেখ যে দুদিন পুর্বে ভাওঁৰাগুৰী আৰক্ষীয়ে তিনিজন চিলনী চোৰক সোণৰ চেইন সহ গ্ৰেপ্তাৰ কৰিছিল। ইপিনে আৰক্ষীৰ হাতৰ পৰা আচামী পলাই যোৱা ঘটনাই সমগ্র গোসাঁইগাঁৱতে এক প্ৰকাৰ ৰহস্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে গোটেই নিশা বিচাৰি অৱশেষত গোসাঁইগাঁও আৰএনবি অসামৰিক চিকিৎসালয়ৰ ওচৰতে লুকাই থকা অৱস্থাত আটক কৰে আচামীটোক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ