
বৰপেটা, ১৬ জুলাই (হি.স.)। পুনৰ উন্মোচিত হৈছে স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ। এইবাৰ পৰ্যাপ্ত চিকিৎসাৰ অভাৱত মৃত্যু হৈছে এটি ৮ বছৰীয়া শিশুৰ। বৰপেটা জিলাৰ খোলাবান্ধা গাঁৱত সংঘটিত হৈছে উক্ত ঘটনা। গাঁওখনৰ কিতাব আলীৰ ৮ বছৰীয়া পুত্ৰ আৰিফ আলী চাৰিদিন ধৰি জ্বৰত আক্ৰান্ত হোৱাত ওচৰৰ ফাৰ্মাচী এখনৰ পৰা ঔষধ নি খুৱাই আৰোগ্য নোহোৱাত বুধবাৰে আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ লৈ আনে।
শিশুটোৰ অৱস্থা সংকটজনক হোৱালৈ চাই চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জিএমচিএইছ লৈ ৰেফাৰ কৰে । বাৰিষাৰ সময়ছোৱাত শিশুটোক নাৱেৰে নদী পাৰ কৰি নগৰবেৰা লৈ আনোতেই লাগে প্ৰায় দুঘন্টা সময়। মুমূৰ্ষ অৱস্থাত শিশুটোক নগৰবেৰাৰ মাল্টি স্পেচিয়েলিষ্ট নামৰ ব্যক্তিগত চিকিৎসালয় লৈ নিয়ে যদিও চিকিৎসকে শিশুটোক মৃত বুলি ঘোষনা কৰে ।
মাত্ৰ ১ কিলোমিটাৰ নদীপথ আহোতে প্ৰায় ডেৰ-দুঘণ্টা সময় লগাৰ বাবেই শিশুটোক সময়োপযোগী চিকিৎসা প্ৰদান কৰিব নোৱাৰাত মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে। জলজলী নদীৰ ওপৰত দলং নথকা আৰু বাৰিষাৰ সময়ত ৰোগীক তাৎক্ষণিকভাৱে পাৰ কৰিবলৈ বিশেষ ব্যৱস্থা নথকাৰ বাবেই এটি শিশুৱে অকাল মৃত্যুক আকোঁৱালি লব লগীয়া হল । শীঘ্ৰে জলজলী নদীৰ ওপৰত দলং নিৰ্মাণ কৰাৰ লগতে ৰোগী পাৰ কৰিবলৈ বোট এম্বুলেঞ্চৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্যমন্ত্ৰীক দাবী জনাইছে ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ