ধুবুৰীত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন
ধুবুৰী, ১৬ জুলাই (হি.স.)। ধুবুৰীত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন। যুৱ প্ৰজম্মৰ মাজত ভূপেন্দ্ৰ সংগীতৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিবলৈ সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধুবুৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ধুবুৰীত চাৰিদিনীয়া বিনামূলীয়া এক ভূপ
ধুবুৰীত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন


ধুবুৰী, ১৬ জুলাই (হি.স.)। ধুবুৰীত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন।

যুৱ প্ৰজম্মৰ মাজত ভূপেন্দ্ৰ সংগীতৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিবলৈ

সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধুবুৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ধুবুৰীত চাৰিদিনীয়া বিনামূলীয়া এক ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে।

ধুবুৰী আৰক্ষী ছাউনী স্থিত প্রেক্ষাগৃহত ১৪ জুলাইৰ পৰা ১৮ জুলাইলৈ অনুষ্ঠিত হ'বলগীয়া এই কর্মশালাই স্থানীয় ছাত্র-ছাত্রী, শিল্পী সকলৰ মাজত ভূপেন্দ্ৰ সংগীতৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande