
গুৱাহাটী, ১৬ জুলাই(হি.স.)। আদালতত অব্যাহত থকা জুবীন গাৰ্গৰ অনাকাংক্ষিত মৃত্যু গোচৰৰ এগৰাকী আচামী জুবিন গাৰ্গৰ প্ৰাক্তন ব্যক্তিগত সুৰক্ষা বিষয়া (পি এছ অ’) অভিযুক্ত পৰেশ বৈশ্যই জুবিন গাৰ্গৰ ধন অপব্যৱহাৰ কৰাৰ অভিযোগত দাখিল কৰা জামিন আবেদন বৃহস্পতিবাৰে ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ আদালতে গ্ৰহণ কৰা নাছিল । বৰঞ্চ জামিন আৱেদনৰ অধিক শুনানিৰ বাবে ন্যায়াধীশ মিতালী ঠাকুৰিয়াৰ আদালতলৈ হস্তান্তৰ কৰা হৈছে।
ইয়াৰ পূৰ্বে বিশেষ ফাষ্ট ট্ৰেক আদালতে তেওঁৰ জামিন আবেদন নাকচ কৰাৰ পিছত বৈশ্যই গৌহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল । জুবিন গাৰ্গৰ ধন অপব্যৱহাৰৰ অভিযোগত অভিযুক্ত সকলৰ ভিতৰত তেওঁ অন্যতম । ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত বক্তব্য লিপিবদ্ধ কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে। বৃহস্পতিবাৰে জুবিনৰ ভগ্নী পালমী বৰঠাকুৰে একেৰাহে দ্বিতীয় দিনৰ বাবে বিশেষ ফাষ্ট ট্ৰেক আদালতত হাজিৰ হৈ নিজৰ বক্তব্য দিয়ে ।
এই গোচৰটোৱে ব্যাপক দৃষ্টি আকৰ্ষণ কৰিছে, আৰু আদালতৰ কাৰ্য্যবিধি অব্যাহত থকাৰ লগতে গোচৰটোৰ নতুন নতুন অধিক তথ্য সংগ্ৰহৰ বাবে অপেক্ষা কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ