
–শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উদ্যোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বিশেষ সজাগতা সভা
গুৱাহাটী, ১৬ জুলাই (হি.স.)। যুৱ প্ৰজন্ম আৰু চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ মাজত স্বাস্থ্যকৰ জীৱনশৈলীৰ প্ৰতি সজাগতা বৃদ্ধিৰ লক্ষ্যৰে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উদ্যোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে আপোনাৰ ভবিষ্যত : স্বাস্থ্যকৰ জীৱন শৈলীৰ অভ্যাসসমূহ শীৰ্ষক এদিনীয়া স্বাস্থ্য সজাগতা কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে মুখ্য অতিথি হিচাপে উপস্থিত থাকি সুস্থ জীৱনশৈলী গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।
আজিৰ এই অনুষ্ঠানত ভাষণত মন্ত্ৰী অশোক সিংহলে কয়, সমাজক সুস্থ কৰি তোলাৰ দায়িত্ব বহন কৰা ভৱিষ্যতৰ চিকিৎসকসকলে প্ৰথমে নিজৰ স্বাস্থ্য আৰু জীৱনশৈলীৰ যত্ন ল'ব লাগিব। তেওঁ বৰ্তমান সময়ত বৃদ্ধি পোৱা ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু মানসিক চাপৰ দৰে জীৱনশৈলীজনিত অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চিকিৎসাতকৈ প্ৰতিৰোধমূলক ব্যৱস্থাক অধিক গুৰুত্ব দিয়াৰ আহ্বান জনায়।
মন্ত্ৰীগৰাকীয়ে স্বাস্থ্যকৰ জীৱনশৈলীৰ পাঁচটা মূল স্তম্ভৰ ওপৰত আলোকপাত কৰি সুষম আহাৰ, নিয়মীয়া শাৰীৰিক ব্যায়াম, মানসিক স্বাস্থ্যৰ যত্ন, ধঁপাত-মদ্যপান আৰু অন্যান্য আসক্তিৰ পৰা আঁতৰি থকা, লগতে নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে স্বাস্থ্যসেৱাৰ আৰম্ভণি কেৱল চিকিৎসালয়ত নহয়, পৰিয়াল, বিদ্যালয়, কৰ্মস্থলী আৰু দৈনন্দিন জীৱনত লোৱা সঠিক সিদ্ধান্তৰ পৰাই হয়।তেওঁ শিক্ষাৰ্থীসকলক মানসিক স্বাস্থ্যৰ সুৰক্ষা, নিয়মীয়া যোগাভ্যাস, দৈনিক শাৰীৰিক সক্ৰিয়তা আৰু চেতনাৰ বিজ্ঞানক জীৱনৰ অবিচ্ছেদ্য অংশ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
মন্ত্ৰী অশোক সিংহলে নিজা বক্তব্যত কয় যে সুষম আহাৰ, নিয়মীয়া ব্যায়াম, মানসিক প্ৰশান্তি, পৰ্যাপ্ত নিদ্ৰা আৰু নিয়ন্ত্ৰিত জীৱনধাৰাই ৰোগ প্ৰতিৰোধৰ আটাইতকৈ ফলপ্ৰসূ উপায়। তেওঁ উল্লেখ কৰে যে আধুনিক চিকিৎসা বিজ্ঞানে যি জীৱনশৈলী ঔষধৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, ভগৱদ্গীতাই হাজাৰ হাজাৰ বছৰৰ পূৰ্বেই সেই আদৰ্শৰ দিশ নিৰ্দেশনা আগবঢ়াইছিল। তদূপৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় আৰু স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে নিৰন্তৰ কাম কৰি আছে। কিন্তু এখন সুস্থ অসম গঢ়ি তুলিবলৈ প্ৰতিজন নাগৰিকে স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰাটো সমানে গুৰুত্বপূৰ্ণ। নিয়মীয়া খোজ কঢ়া, সুষম আহাৰ গ্ৰহণ, ধঁপাত আৰু অন্যান্য আসক্তিৰ পৰা আঁতৰি থকা, মানসিক চাপ নিয়ন্ত্ৰণ আৰু পৰ্যাপ্ত নিদ্ৰাক সুস্থ জীৱনৰ পাঁচটা মূল স্তম্ভ বুলি উল্লেখ কৰি তেওঁ কয়, “ঔষধে ৰোগৰ চিকিৎসা কৰিব পাৰে, কিন্তু স্বাস্থ্যকৰ জীৱনশৈলীয়েহে ৰোগ হোৱাত বাধা দিয়ে।” লগতে চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলক এই মূল্যবোধ সমাজৰ প্ৰতিটো স্তৰলৈ লৈ গৈ স্বাস্থ্য সচেতনতা বৃদ্ধিত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ আহ্বান জনায়।
প্ৰায় পাঁচ শতাধিক চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত মানসিক স্বাস্থ্য, যোগাভ্যাস, শাৰীৰিক সক্ৰিয়তা, স্বাস্থ্যকৰ দৈনন্দিন অভ্যাস আৰু চেতনাৰ বিজ্ঞান আদি বিষয়ত দেশৰ বিশিষ্ট বিশেষজ্ঞসকলে বিস্তৃত আলোচনা আগবঢ়ায়। বিভিন্ন কাৰিকৰী অধিৱেশনৰ জৰিয়তে শিক্ষাৰ্থীসকলক সুস্থ জীৱনশৈলীৰ প্ৰয়োজনীয়তা আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰা হয়।
উল্লেখ যে আজিৰ অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ অনুপ কুমাৰ বৰ্মন, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ সচিব জ্যোৎস্না মেছ পাটগিৰি, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ডাঃ বাবুল কুমাৰ বেজবৰুৱা, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডাঃ সুজিত বৰ্ধন, বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, চিকিৎসা বিশেষজ্ঞ আৰু বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ