ইটানগৰত ফিফা বিশ্বকাপৰ ফাইনেলৰ লাইভ ৰাজহুৱা প্ৰদৰ্শনলৈ ফুটবল অনুৰাগীক আমন্ত্ৰণ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ
ইটানগৰ, ১৬ জুলাই(হি.স.)। স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেলৰ লাইভ ৰাজহুৱা প্ৰদৰ্শনৰ বাবে ফুটবল অনুৰাগী সকলক ২০ জুলাইৰ পুৱা ইটানগৰৰ আই জি পাৰ্কত তেওঁৰ সৈতে যোগদান কৰিবলৈ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ড
ইটানগৰত ফিফা বিশ্বকাপৰ ফাইনেলৰ লাইভ ৰাজহুৱা প্ৰদৰ্শনলৈ ফুটবল অনুৰাগীক আমন্ত্ৰণ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ


ইটানগৰ, ১৬ জুলাই(হি.স.)। স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেলৰ লাইভ ৰাজহুৱা প্ৰদৰ্শনৰ বাবে ফুটবল অনুৰাগী সকলক ২০ জুলাইৰ পুৱা ইটানগৰৰ আই জি পাৰ্কত তেওঁৰ সৈতে যোগদান কৰিবলৈ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আমন্ত্ৰণ জনাইছে।

১৬ জুলাই বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্টত খাণ্ডুৱে মুখ্যমন্ত্ৰী ফেন পাৰ্কত আয়োজিত বিনামূলীয়া প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ ফুটবল প্ৰেমী, পৰিয়াল আৰু বন্ধু-বান্ধৱীক আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে, ‘মই সকলো ফুটবল প্ৰেমী, পৰিয়াল, আৰু বন্ধু-বান্ধৱীক মোৰ সৈতে চিএম ফেন পাৰ্কত ফিফা বিশ্বকাপ ফাইনেল ২০২৬ৰ লাইভ স্ক্ৰীনিঙৰ বাবে যোগদান কৰিবলৈ উষ্ম আমন্ত্ৰণ জনাইছো।

উক্ত অনুষ্ঠানত অৰুণাচল আইডল, অৰুণাচল গট টেলেণ্ট, ছুপাৰ ডান্সাৰ, মিষ্টাৰ অৰুণাচল আৰু মিছ অৰুণাচলৰ বিজয়ী সকলৰ লাইভ প্ৰদৰ্শনৰ লগতে ধাৰাবাহিক মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰা হ’ব । নিউয়ৰ্ক চহৰৰ সমীপৰ নিউ জাৰ্চিৰ ষ্টেডিয়ামত স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেল।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande