কৃত্ৰিম বানৰ কবলত টীয়কৰ ৰাষ্ট্ৰীয় ঘাইপথ ,উপপথ , একাংশ ৰাইজৰ বাহন বিকল
যোৰহাট, ১৬ জুলাই (হি.স.)। কৃত্ৰিম বানৰ কবলত টীয়কৰ ৰাষ্ট্ৰীয় ঘাইপথ ,উপপথ । এনএইছ আই ডিচিএলৰ গাফিলতিৰ অভিযোগ ৰাইজৰ। বহু ব্যক্তিৰ দুচকীয়া বাহন কাৰিকৰী ভাৱে বিকল হৈ ক্ষতিগ্ৰস্ত l কবলত পৰিছে টীয়কৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু উপপথ। এনএইছ আই ডিচিএলৰ দ্বাৰা নি
কৃত্ৰিম বানৰ কবলত টীয়কৰ ৰাষ্ট্ৰীয় ঘাইপথ ,উপপথ , একাংশ ৰাইজৰ বাহন বিকল


যোৰহাট, ১৬ জুলাই (হি.স.)। কৃত্ৰিম বানৰ কবলত টীয়কৰ ৰাষ্ট্ৰীয় ঘাইপথ ,উপপথ । এনএইছ আই ডিচিএলৰ গাফিলতিৰ অভিযোগ ৰাইজৰ। বহু ব্যক্তিৰ দুচকীয়া বাহন কাৰিকৰী ভাৱে বিকল হৈ ক্ষতিগ্ৰস্ত l কবলত পৰিছে টীয়কৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু উপপথ। এনএইছ আই ডিচিএলৰ দ্বাৰা নিৰ্মাণ কৰা ঘাইপথটোৰ বিভিন্ন স্থানত অলপ বৰষুণতে পানী জমা হৈ যাত্ৰী সকলে চৰম দুৰ্ভোগ ভুগিব লগীয়া হৈছে।

সমান্তৰালভাবে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ উপপথ সমূহত দীৰ্ঘসময় ধৰি ৩ ৰ পৰা ৪ ফুট পৰ্যন্ত পানী জমা হোৱাৰ ফলত আজি তিনিদিন ধৰি টীয়কৰ নগৰীয়া জনসাধাৰণৰ জীৱন যাপনত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে অভিযোগ কৰিছে যে ঘাইপথ নিৰ্মাণৰ সময়ত পানী নিষ্কাশনৰ ব্যৱস্থা নথকাৰ বাবেই এনে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। তেওঁলোকে কয় যে এই সন্দৰ্ভত আগতেই বিভাগটোক অৱগত কৰা হৈছিল যদিও এনএইছ আই ডিচিএল ৰ বিষয়াসকলে গুৰুত্ব প্ৰদান কৰা নাই।

ঘাইপথ আৰু উপপথ সমূহ পানীত ডুব যোৱাৰ ফলত যাত্ৰী সকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। আনহাতে এই প্ৰতিবেদকক একাংশ লোকে জানিবলৈ দিয়া মতে বহু ব্যক্তিৰ দুচকীয়া বাহন কৃত্ৰিম বানত ডুব যোৱাৰ বাবে কাৰিকৰী ভাৱে বিকল হৈ ক্ষতিগ্ৰস্ত হয়। ইতিমধ্যে এই সাধাৰণ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। দল-সংগঠন সমূহে অতি সোনকালে ঘাইপথৰ সমস্যা সমাধান কৰি সুচল যাতায়তৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। লগতে যোৰহাট জিলা প্ৰশাসনক এই কৃত্ৰিম বানপানী সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande