গোৰশ্বৰত আক্ৰাছুৰ প্ৰতিবাদী কাৰ্যসূচী
বাক্সা, ১৬ জুলাই (হি.স.)। গোৰশ্বৰত আক্ৰাছুৰ প্ৰতিবাদী কাৰ্যসূচী। কেন্দ্রীয় জনজাতি পৰিক্ৰমা মন্ত্রী জুয়েল ওৰামৰ লগতে ৰাজ্য়ৰ জনজাতি পৰিক্ৰমা মন্ত্রী ডঃ ৰনোজ পেগুৰ বিৰুদ্ধে উক্ত প্ৰতিবাদী কাৰ্য্য়সূচী গ্ৰহণ কৰা হৈছে। ছয় জনগোষ্ঠীৰ জনজাতিৰ বিৰুদ্ধে টুল
গোৰশ্বৰত আক্ৰাছুৰ প্ৰতিবাদী কাৰ্যসূচী


বাক্সা, ১৬ জুলাই (হি.স.)। গোৰশ্বৰত আক্ৰাছুৰ প্ৰতিবাদী কাৰ্যসূচী। কেন্দ্রীয় জনজাতি পৰিক্ৰমা মন্ত্রী জুয়েল ওৰামৰ লগতে ৰাজ্য়ৰ জনজাতি পৰিক্ৰমা মন্ত্রী ডঃ ৰনোজ পেগুৰ বিৰুদ্ধে উক্ত প্ৰতিবাদী কাৰ্য্য়সূচী গ্ৰহণ কৰা হৈছে। ছয় জনগোষ্ঠীৰ জনজাতিৰ বিৰুদ্ধে টুলুঙা মন্তব্য কৰিছিল কেন্দ্রীয় মন্ত্রী গৰাকীয়ে। তাৰ বিৰুদ্ধে পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, নো এছ টি নো ৰেষ্ট, ৰনোজ পেগু মুৰ্দাবাদ,জুয়েল ওৰাম গো বেগ, বিজেপি চৰকাৰ নিপাত যাওঁক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কাৰী সকলে লগতে কয় কোচ ৰাজবংশী সকল হৈছে পিঞ্জৰাত থকা এটা বাঘ যদি বাহিৰ ওলাই আহিৱ লাগে চৰকাৰৰ ৰক্ষা নাই। লগতে আগন্তুক দিনত কোচ ৰাজবংশীৰ ১০ জনকৈ নিৰ্বাচিত বিধায়কে যদি চৰকাৰে কৰা অসমৰ ছয় জনগোষ্ঠীৰ জনজাতীকৰণ বিৰোধী মন্তব্যৰ বিৰোধিতা নকৰে বা কোচ ৰাজবংশীৰ জনজাতিৰ ক্ষেত্রত কোনো মন্তব্য নকৰিলে জাতিদ্ৰোহী আখ্যা দিৱ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্রীয় সম্পাদক শংকৰ ৰাজবংশীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande