
বাক্সা, ১৬ জুলাই (হি.স.)। বাক্সাৰ বাৰাপেটাত আক্ৰাছুৰ দ্বাৰা ৰাজ্যিক আৰু কেন্দ্ৰীয় জনজাতি মন্ত্ৰী ক্ৰমে ড০ ৰণোজ পেগু আৰু জুৱেল ওৰামৰ প্ৰতিকৃতি দাহ।
পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোঁচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত প্ৰতিমুৰ্তি দাহ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
আজি বাক্সাৰ বাৰাপেটাত বাক্সা জিলা আক্ৰাছুৰ উদ্যোগত ৰাজ্যিক জনজাতি মন্ত্ৰী ড০ ৰনোজ পেগু আৰু কেন্দ্ৰীয় জনজাতি মন্ত্ৰী জুৱেল ওৰামৰ প্ৰতিকৃতি দাহ কৰে সংগঠনটোৱে ।
প্ৰতিকৃতি দাহ কাৰ্যসূচীত ড০ ৰনোজ পেগু হায় হায়, জুৱেল ওৰাম হায় হায় , জনজাতিকৰণ আমাক লাগিবই , জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ , কমতাপুৰ আমাক লাগিবই , আক্ৰাছু জিন্দাবাদ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৰ সদস্য সকলে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা