
নতুন দিল্লী, ২১ মে’ (হি.স.)। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে সংগঠিত ড’পিং কাৰ্যকলাপক অপৰাধমূলক বুলি গণ্য কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰস্তাৱিত সংশোধনীৰ খচৰাৰ ওপৰত ৰাজহুৱা পৰামৰ্শ জাৰি কৰি মন্ত্ৰালয়ে ১৮ জুনলৈকে খেলুৱৈ, ক্ৰীড়া সংস্থা, আৰু অন্যান্য অংশীদাৰসকলৰ পৰা পৰামৰ্শ আৰু মন্তব্য বিচাৰিছে।
প্ৰস্তাৱিত সংশোধনীসমূহৰ লক্ষ্য হৈছে ক্ৰীড়াত নিষিদ্ধ প্ৰদৰ্শন বৃদ্ধিকাৰী পদাৰ্থ আৰু পদ্ধতিৰ চোৰাংচোৱাগিৰি, অবৈধ যোগান, প্ৰশাসন, আৰু বাণিজ্যিক বিতৰণৰ সৈতে জড়িত সংগঠিত নেটৱৰ্কসমূহক দমন কৰা। মন্ত্ৰালয়ৰ মতে, নতুন বিধানৰ অধীনত নিষিদ্ধ পদাৰ্থ আৰু পদ্ধতিৰ চোৰাং ব্যৱসায়, অবৈধ বিক্ৰী, আৰু বিতৰণ, ডপিঙৰ উদ্দেশ্যে খেলুৱৈক নিষিদ্ধ পদাৰ্থ প্ৰদান, নাবালক খেলুৱৈক এনে পদাৰ্থ প্ৰদান, সংগঠিত অপৰাধ আৰু ডপিঙৰ সৈতে জড়িত বাণিজ্যিক কাৰ্য্যকলাপ, নিৰ্ধাৰিত লেবেল অবিহনে নিষিদ্ধ দ্ৰব্যৰ বিক্ৰী, আৰু বিজ্ঞাপন আৰু পেইড প্ৰচাৰ কৰা ডপিংক অপৰাধমূলক বুলি গণ্য কৰা হ’ব। এই সংশোধনীসমূহে মূলতঃ চোৰাংচোৱা, অবৈধ যোগানকাৰী, সংগঠিত গেং, আৰু ডপিং নেটৱৰ্কৰ সৈতে জড়িত অসাধু সহায়ক কৰ্মচাৰীক লক্ষ্য কৰি ল’ব।
অপৰাধমূলক কাৰ্য্যৰ পৰা খেলুৱৈক সুৰক্ষা:
মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে খেলুৱৈসকলৰ বিৰুদ্ধে কেৱল পজিটিভ ড’প টেষ্ট বা এণ্টি ড’পিং নিয়ম উলংঘাৰ ভিত্তিত অপৰাধমূলক অভিযোগ উত্থাপন কৰা নহ’ব। খেলুৱৈৰ সৈতে জড়িত এণ্টি ড’পিং গোচৰসমূহ বৰ্তমানৰ এণ্টি ড’পিং কাঠামোৰ অধীনত চম্ভালিব। প্ৰস্তাৱিত সংশোধনীসমূহে স্বচ্ছ খেলুৱৈসকলৰ স্বাৰ্থ সুৰক্ষিত কৰা আৰু ক্ৰীড়াৰ অপব্যৱহাৰ কৰা অপৰাধমূলক নেটৱৰ্কৰ বিৰুদ্ধে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাটোও নিশ্চিত কৰে।
চিকিৎসা ৰেহাই আৰু জৰুৰীকালীন পৰিস্থিতিৰ কথাও লক্ষ্য কৰা হৈছে: প্ৰস্তাৱিত কাঠামোত বৈধ চিকিৎসা ব্যৱহাৰৰ ৰেহাই থকা খেলুৱৈসকলৰ বাবে আৰু জৰুৰীকালীন চিকিৎসা পৰিস্থিতিত নিষিদ্ধ পদাৰ্থ বৈধভাৱে ব্যৱহাৰ কৰা চিকিৎসকৰ বাবেও সুৰক্ষা অন্তৰ্ভুক্ত কৰা হৈছে।
মন্ত্ৰালয়ে কয় যে এই ব্যৱস্থা ইউনেস্ক’ৰ ক্ৰীড়াত ড’পিঙৰ বিৰুদ্ধে চুক্তি আৰু বিশ্ব এণ্টি ড’পিং সংস্থাৰ নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ। ক্ৰীড়া মন্ত্ৰালয়ে কয় যে প্ৰস্তাৱিত কাঠামোৰ লক্ষ্য হৈছে খেলুৱৈৰ সুৰক্ষা, ক্ৰীড়াৰ ন্যায়পৰায়ণতা, জনস্বাস্থ্য, আৰু ফলপ্ৰসূ আইন প্ৰয়োগৰ মাজত ভাৰসাম্য ৰক্ষা কৰা।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া