হকী ইণ্ডিয়াই ঘোষণা কৰিলে ১৮ বছৰ অনুৰ্ধ এছিয়া কাপৰ বাবে ভাৰতীয় পুৰুষৰ দল, কেতন কুশৱাহা অধিনায়ক
ভূপাল, ২১ মে’ (হি.স.)। জাপানত অনুষ্ঠিত হ’বলগীয়া পুৰুষৰ ১৮ বছৰ অনুৰ্ধ এছিয়া কাপ কাকামিগাহাৰা ২০২৬ৰ বাবে হকী ইণ্ডিয়াই ১৮ জনীয়া ভাৰতীয় দল ঘোষণা কৰিছে। ২৯ মে’ৰ পৰা ৬ জুনলৈ অনুষ্ঠিত হ’ব এই সন্মানীয় প্ৰতিযোগিতা। ভূপালৰ উদয় দাস মেহতা (ভাইজী) কেন্দ
पुरुष अंडर-18 एशिया कप के लिए 18 सदस्यीय भारतीय हॉकी टीम


ভূপাল, ২১ মে’ (হি.স.)। জাপানত অনুষ্ঠিত হ’বলগীয়া পুৰুষৰ ১৮ বছৰ অনুৰ্ধ এছিয়া কাপ কাকামিগাহাৰা ২০২৬ৰ বাবে হকী ইণ্ডিয়াই ১৮ জনীয়া ভাৰতীয় দল ঘোষণা কৰিছে। ২৯ মে’ৰ পৰা ৬ জুনলৈ অনুষ্ঠিত হ’ব এই সন্মানীয় প্ৰতিযোগিতা।

ভূপালৰ উদয় দাস মেহতা (ভাইজী) কেন্দ্ৰীয় ছাই চেণ্টাৰত ৰাষ্ট্ৰীয় প্ৰশিক্ষক শিবিৰৰ অন্তত ভাৰতীয় দলটো নিৰ্বাচিত হয়। প্ৰশিক্ষক কৰ্মচাৰীৰ ভিতৰত আছিল ভাৰতীয় প্ৰাক্তন অধিনায়ক চৰ্দাৰ সিং আৰু ৰজনীশ মিশ্ৰ। প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুতিৰ অংশ হিচাপে অষ্ট্ৰেলিয়াৰ ১৮ বছৰ অনুৰ্ধ দলৰ বিৰুদ্ধেও চাৰিখন মেচৰ এক্সপ’জাৰ ছিৰিজ খেলিছিল। ফৰৱাৰ্ড কেতন কুশৱাহাক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন খেলত জয়লাভ কৰি এখন খেলত পৰাস্ত হয় আৰু দুখন খেলত ড্ৰ’ হয়।

২৯ মে’ত কাজাখস্তানৰ বিৰুদ্ধে এছিয়া কাপত ভাৰতৰ অভিযান আৰম্ভ হ’ব, তাৰ পিছত ৩১ মে’ত আয়োজক জাপানৰ বিৰুদ্ধে খেল অনুষ্ঠিত হ’ব ৷ ৫ জুনত অনুষ্ঠিত হ’ব ছেমি ফাইনেল আৰু ৬ জুনত ফাইনেল অনুষ্ঠিত হ’ব।

দল নিৰ্বাচনৰ সন্দৰ্ভত প্ৰশিক্ষক চৰ্দাৰ সিঙে কয়, নিৰ্বাচন প্ৰক্ৰিয়াটো অতি প্ৰতিযোগিতামূলক আছিল, কিন্তু আমি ১৮ জনীয়া এটা দল বাছনি কৰিছো যিয়ে আমাক উৎকৃষ্ট ভাৰসাম্য প্ৰদান কৰে। ভোপালত প্ৰশিক্ষণ আৰু অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে খেলৰ জৰিয়তে খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলৰ হেঁচা আৰু গতি বুজিব পাৰিছিল। বিগত কেইসপ্তাহমানৰ পৰা আমি কৌশল, পেনাল্টি কৰ্ণাৰ, দলৰ গঠনৰ ওপৰত ব্যাপকভাৱে কাম কৰিছো। খেলুৱৈসকলৰ মনোবল উচ্চ, আৰু আমাৰ লক্ষ্য এছিয়া কাপ জয় কৰা।

ভাৰতীয় ১৮ বছৰ অনুৰ্ধ পুৰুষৰ হকী দল:

গ’লৰক্ষক : সাৱন কুমাৰ, আয়ুষ ৰজক

ডিফেণ্ডাৰ : অংশ বহুত্ৰ, অৰমান সোৰেং, আশীষ তানি পূৰ্ণি, আৰ্শদ্বীপ সিং, অবি মাণিকপুৰী, ৰোমিত পাল

মিডফিল্ডাৰঃ ৰাহুল যাদৱ, প্ৰেমচান্দ সৰিয়, বৰিন্দৰ সিং, কৰণ গৌতম, সিদ্ধাৰ্থ বেন

ফৰৱাৰ্ড : কেতন কুশৱাহা (অধিনায়ক), আকাশ দীপ, গাজী খান, শ্বাহৰুখ আলী, প্ৰহ্লাদ ৰাজভৰ।

ভাৰতৰ খেলৰ সময়সূচী (ভাৰতীয় মানক সময়):

২৯ মে’: ভাৰত বনাম কাজাখস্তান – পুৱা ৯:৩০ বজাত

৩১ মে’: ভাৰত বনাম জাপান – ১:৩০ বজাত

১ জুন : ভাৰত বনাম দক্ষিণ কোৰিয়া – ৩:৩০ বজাত

৩ জুন : ভাৰত বনাম চীনা টাইপেই – ১:৩০ বজাত

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande