
নতুন দিল্লী, ২১ মে’ (হি.স.)। ভাৰতত ২০৩০ চনত গুজৰাটত অনুষ্ঠিত হ’বলগীয়া ১০০ সংখ্যক কমনৱেলথ গেমছৰ বাবে প্ৰস্তুতি চলোৱা আৰু ক্ৰীড়া সংস্কৃতিৰ প্ৰচাৰৰ লক্ষ্যৰে ২৪ মে’ত সমগ্ৰ দেশতে অনুষ্ঠিত হ’ব ফিট ইণ্ডিয়া ছাণ্ডে অন চাইকেলৰ ৭৫ সংখ্যক বিশেষ সংস্কৰণ। এই অভিযানৰ অংশ হিচাপে ৮ হাজাৰৰো অধিক স্থানত চাইকেল ৰেলী আৰু ফিটনেছ কাৰ্যসূচী অনুষ্ঠিত হ’ব।
কমনৱেলথ গেমছৰ আয়োজক চহৰ গুজৰাটৰ আহমেদাবাদৰ সাবৰমতী ৰিভাৰফ্ৰন্টত অনুষ্ঠিত হ’ব মূল অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মানসুখ মাণ্ডবিয়াই নেতৃত্ব দিব। গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘবীও উপস্থিত থাকিব। এ নিউ আইকন ফৰ এ ফিটাৰ ইণ্ডিয়া – পেডেলিং টু ২০৩০ শীৰ্ষক এই অনুষ্ঠানত হাজাৰ হাজাৰ চাইকেল আৰোহী, খেলুৱৈ, যুৱ স্বেচ্ছাসেৱক, আৰু ফিটনেছ অনুৰাগীয়ে অংশগ্ৰহণ কৰিব।
মনছুখ মাণ্ডবিয়াই উল্লেখ কৰে যে ২০৩০ চনত কমনৱেলথ গেমছ আয়োজন কৰাটো ভাৰতৰ বাবে গৌৰৱৰ বিষয় আৰু ই দেশৰ ক্ৰীড়া সংস্কৃতিক শক্তিশালী কৰাৰ এক মাধ্যম হিচাপে কাম কৰিব। তেওঁ লগতে কয় যে এই অভিযানৰ প্ৰধান উদ্দেশ্য হৈছে যুৱক-যুৱতীসকলক ফিটনেছ আৰু ক্ৰীড়াৰ সৈতে জড়িত কৰা। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব অভিনেতা আয়ুষমান খুৰানাই, লগতে কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় আৰু কমনৱেলথ পদক বিজয়ীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত হকী খেলুৱৈ ৰজনী ইতিমাৰপু, গুৰজিৎ কৌৰ, আৰু ছোনিকা টাণ্ডী, শ্বুটাৰ অংকুৰ মিট্টল আৰু অঞ্জুম মৌডগিল, বেডমিণ্টন খেলুৱৈ ট্ৰুপতি মুৰ্গুণ্ডে।
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতো কমনৱেলথ গেমছ বিষয়ক চাইকেল ৰেলীৰ আয়োজন কৰা হ’ব। ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ আঞ্চলিক কেন্দ্ৰ, ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ, আৰু খেলো ইণ্ডিয়া কেন্দ্ৰত বিশেষ অনুষ্ঠান অনুষ্ঠিত হ’ব। সাধাৰণ জনতাৰ লগতে কেইবাগৰাকীও প্ৰাক্তন অলিম্পিয়ান আৰু কমনৱেলথ চেম্পিয়নেও এই অভিযানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা খাদছে গুৱাহাটীত অংশগ্ৰহণ কৰাৰ বিপৰীতে ধৰ্মশালাত প্ৰাক্তন মল্লযুঁজাৰু ববিতা ফোগাট আৰু মুম্বাইত প্ৰাক্তন হকী খেলুৱৈ ছাবা আঞ্জুম উপস্থিত থাকিব।
আহমেদাবাদকে ধৰি সমগ্ৰ দেশৰ ছাই কেন্দ্ৰসমূহতো বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হ’ব, য’ত ভাৰতৰ ক্ৰীড়া কৃতিত্ব, খেলো ইণ্ডিয়া মিছন, আৰু বিগত ১২ বছৰত ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়নসমূহ প্ৰদৰ্শন কৰা হ’ব।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত ২০২৪ চনৰ ১৭ ডিচেম্বৰত আৰম্ভ হোৱা ফিট ইণ্ডিয়া ছাণ্ডে অন চাইকেল অভিযান দেশৰ অন্যতম বৃহৎ ফিটনেছ অভিযানত পৰিণত হৈছে। এতিয়ালৈকে ইয়াৰ ৭৪টা সংস্কৰণত ৩.০৭ লাখতকৈ অধিক স্থানত অনুষ্ঠানৰ আয়োজন কৰা হৈছে, আৰু ৭ কোটিতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া