তামাৰহাটৰ হাৰিপুৰত ভয়ংকৰ পথ দুর্ঘটনাত আহত ২ ছাত্ৰ
ধুবুৰী, ০৬ মাৰ্চ (হি.স.)। ধুবুৰী জিলাৰ তামাৰহাটৰ হাৰিপুৰত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে । মটৰ চাইকেলৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় দুই ছাত্ৰ । আহত ছাত্ৰদ্বয়ৰ নাম আল আমিন আৰু ফিৰদুচ শ্বেখ বুলি জানিব পৰা গৈছে । তীব্ৰ বেগী মটৰ চাইকেল এখনে খুন্দা মাৰ
তামাৰহাটৰ হাৰিপুৰত ভয়ংকৰ পথ দুর্ঘটনাত আহত ২ ছাত্ৰ


ধুবুৰী, ০৬ মাৰ্চ (হি.স.)। ধুবুৰী জিলাৰ তামাৰহাটৰ হাৰিপুৰত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে । মটৰ চাইকেলৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় দুই ছাত্ৰ । আহত ছাত্ৰদ্বয়ৰ নাম আল আমিন আৰু ফিৰদুচ শ্বেখ বুলি জানিব পৰা গৈছে । তীব্ৰ বেগী মটৰ চাইকেল এখনে খুন্দা মাৰে ছাত্ৰ দুজনক ।

স্থানীয় লোকে ততাতৈয়াকৈ ছাত্ৰ দুজনক তামাৰহাট প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । পিছত উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰ এএছ ১৭ আৰ ০৯৬৮ বুলি জনা গৈছে। মটৰ চাইকেল আৰোহী জনৰ নাম জাহিৰ আলী বুলি কোৱা গৈছে । জনামতে, তিনিজনকৈ যুৱক আছিল মটৰ চাইকেল খনত । ইয়াৰে আলাউদ্দীন শ্বেখ আৰু ছাবিৰ আলী নামৰ যুৱক দুজনে দুৰ্ঘটনা পিছতেই পলায়ন কৰে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande