আমগুৰিত নামতি আছুৰ উদ্যোগত পথ অৱৰোধ কাৰ্যসূচী
শিৱসাগৰ, ০৬ মাৰ্চ (হি.স.)। ঐতিহাসিক খৰিকটিয়া আলি বহলিকৰণৰ নামত বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা মিছাজান পানী যোগান আচনিৰ পাইপ সমুহ বিনষ্ট কৰাৰ প্ৰতিবাদত আৰু এই আচনিৰ পাইপ সমুহ বদলি কৰি এই আঁচনিৰ দীৰ্ঘদিনীয়া অচলাৱস্থা তাৎক্ষণিক ভাৱে দূৰ কৰাৰ দাবীত মিছাজানত
আমগুৰিত নামতি আছুৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত পথ অৱৰোধ কাৰ্যসূচী


আমগুৰিত নামতি আছুৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত পথ অৱৰোধ কাৰ্যসূচী


শিৱসাগৰ, ০৬ মাৰ্চ (হি.স.)। ঐতিহাসিক খৰিকটিয়া আলি বহলিকৰণৰ নামত বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা মিছাজান পানী যোগান আচনিৰ পাইপ সমুহ বিনষ্ট কৰাৰ প্ৰতিবাদত আৰু এই আচনিৰ পাইপ সমুহ বদলি কৰি এই আঁচনিৰ দীৰ্ঘদিনীয়া অচলাৱস্থা তাৎক্ষণিক ভাৱে দূৰ কৰাৰ দাবীত মিছাজানত নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

এটা বছৰে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আহিছে মিছাজানবাসী ৰাইজ। ঐতিহাসিক খৰিকটিয়া আলিৰ বহলিকৰণৰ নামত বিভাগীয় কৰ্তৃপক্ষই পথৰ কাষেদি যোৱা পানী যোগান আঁচনিৰ পাইপ সমুহ নষ্ট কৰিছিল। মিছাজানবাসী ৰাইজে এই সন্দৰ্ভত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি পুনৰ মেৰামতিৰ বাবে সময় বান্ধি দিছিল যদিও গা নলৰিল বিভাগৰ।

অৱশেষত আজি নামতি আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত এক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰি বিভাগীয় কৰ্তৃপক্ষলৈ তিনি দিনৰ সময়সীমা বান্ধি দিছে সমাধানৰ বাবে। অন্যথা নামতি আঞ্চলিক ছাত্ৰ সন্থাই জংগী আন্দোলনৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ প্ৰদান কৰিছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande