
গুৱাহাটী,০৬ মাৰ্চ(হি.স.)। আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তথা জ্যেষ্ঠ আই এ এছ বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰী অসম গণ পৰিষদত যোগদান কৰিবলৈ সাজু হৈছে । দলীয় সূত্ৰ অনুসৰি, ইতিমধ্যে দলৰ বজালীৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত দেৱ চৌধুৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে । দলৰ মজিয়াত বিবেচনাধীন আন আন নাম ক্ৰমান্বয়ে ধৰ্মেশ্বৰ ৰায় আৰু ডাঃ ৰঞ্জিত ডেকা বুলি জানিব পৰা গৈছে।
ইফালে অসম বিধানসভাৰ প্ৰাক্তন প্ৰধান সচিব তথা প্ৰাক্তন এচিএছ বিষয়া হেমেন দাসেও অগপত যোগদান কৰাৰ সম্ভাৱনা আছে। খবৰ অনুসৰি অহা ৮ মাৰ্চত হাউলীত অগপৰ জ্যেষ্ঠ নেতা ফণী ভূষণ চৌধুৰীৰ উপস্থিতিত হাউলীত অনুষ্ঠিত এক অনুষ্ঠানত দাসে দলত যোগদান কৰিব ।
তদুপৰি আগন্তুক নিৰ্বাচনৰ বাবে অগপ আৰু বিজেপিৰ মাজত আসন ভাগ-বতৰাৰ ব্যৱস্থা চূড়ান্ত কৰা হৈছে, মিত্ৰতা অনুসৰি অগপই ২১টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে । সূত্ৰসমূহে জনোৱা মতে, অগপক আবণ্টিত আসনৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে যদিও এই বিতৰণৰ ফলত কেইবাটাও সমষ্টিৰ দলীয় কৰ্মীসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে ।
ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে বৃহস্পতিবাৰে নিশা দলৰ সভাপতি অতুল বৰাৰ বাসগৃহত অগপ নেতা-বিধায়কৰ এখন বৈঠক অনুষ্ঠিত হয় । সূত্ৰ অনুসৰি, আসন ভাগ-বতৰাৰ ব্যৱস্থাত সমষ্টি হেৰুৱাই কেইবাজনো বহি থকা বিধায়কে ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰে ।
বৰ্তমানলৈকে বঙাইগাঁও, কলিয়াবৰ, বোকাখাত, শিৱসাগৰ, টিয়ক, বৰপেটা, বজালী, ডিমৰীয়া, বৰচলা আদি সমষ্টি অগপৰ বাবে চূড়ান্ত হোৱা বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে ।
চাবুৱা-লাহোৱালত অগপ আৰু বিজেপিৰ প্ৰাৰ্থীৰ মাজত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হ’ব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ