
কোকৰাঝাৰ, ০৬ মাৰ্চ (হি.স.): কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম নগৰত পুৱা ৮:০০ বজাৰ পৰা নিশা ৮:০০ বজালৈ চহৰ এলেকাৰ ভিতৰত গধুৰ বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰিবলৈ নগৰ সমিতিৰ অধ্যক্ষৰ ওচৰত এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে হিন্দু জাগৰণ অসম, ফকিৰাগ্ৰাম নগৰ সমিতিয়ে ৷ ফকিৰাগ্ৰাম নগৰত ডাম্পাৰ আৰু ট্ৰাকৰ দৰে গধুৰ বাহন সঘনাই প্ৰৱেশ কৰাত সৃষ্টি হোৱা তীব্ৰ যানজঁটৰ ফলত পথচাৰী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, বৃদ্ধ নাগৰিক, আৰু দৈনিক যাতায়ত কৰা লোকসকলক যথেষ্ট বিপদত পেলায়।
চহৰখনত প্ৰচণ্ড যান-জঁটৰ সময়ত এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনী আৰু অন্যান্য উদ্ধাৰকাৰী বাহন আদি জৰুৰীকালীন বাহন প্ৰায়ে পথত আবদ্ধ হৈ পৰাত জীৱন আৰু সম্পত্তি বিপন্ন হৈ আহিছে ৷ ইয়াৰ উপৰিও দিনৰ ভাগত গধুৰ বাহনৰ অবিৰত চলাচলৰ ফলত অত্যাধিক শব্দ প্ৰদূষণ, ধূলি, পথৰ ক্ষতিসাধন হয়, যাৰ ফলত চহৰখনৰ শান্তিপূৰ্ণ পৰিৱেশ বিঘ্নিত হোৱাত হিন্দু জাগৰণ অসম, ফকিৰাগ্ৰাম নগৰ সংযোযগ বাপ্পা দেৱনাথ, সহ সংযোযগ অলকেশ মিশ্ৰা, ৰাণা মণ্ডলে ফকিৰাগ্ৰাম নগৰ সমিতিৰ অধ্যক্ষ আৰু কাৰ্যবাহী বিষয়া নৱনীতা বড়োক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰকপত্ৰ প্ৰদান কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ