ৰহাৰ কলং নদীৰ বুকুত বালি মাফিয়াৰ তাণ্ডৱ
নগাঁও, ০৬মাৰ্চ (হি.স.)। ৰহাত প্ৰাকৃতিক সম্পদত ভূ- মাফিয়াৰ সন্ত্ৰাস। ৰহাৰ কলং নদীৰ বুকুত বালি মাফিয়াৰ তাণ্ডৱ। জেচিবি ডাম্পাৰৰ সহায়ত কলং নদীৰ পাৰত অবৈধ খনন । দিনে নিশাই ৰহাৰ মাজেৰে বৈ যোৱা কলং নদীৰ পাৰ খান্দি তহিলং কৰিছে একাংশ দুষ্ট চক্ৰই। ভূ- মাফ
ৰহাৰ কলং নদীৰ বুকুত বালি মাফিয়াৰ তাণ্ডৱ


নগাঁও, ০৬মাৰ্চ (হি.স.)। ৰহাত প্ৰাকৃতিক সম্পদত ভূ- মাফিয়াৰ সন্ত্ৰাস। ৰহাৰ কলং নদীৰ বুকুত বালি মাফিয়াৰ তাণ্ডৱ। জেচিবি ডাম্পাৰৰ সহায়ত কলং নদীৰ পাৰত অবৈধ খনন । দিনে নিশাই ৰহাৰ মাজেৰে বৈ যোৱা কলং নদীৰ পাৰ খান্দি তহিলং কৰিছে একাংশ দুষ্ট চক্ৰই। ভূ- মাফিয়াৰ অবৈধ মাটি খননৰ কাৰ্যত বিপদত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মীন মহাবিদ্যালয়। কিন্তু এই ক্ষেত্ৰত কুম্ভ কৰ্ণ নিন্দাত ৰহা ৰাজহ চক্ৰৰ বিষয়া, ধৰমটুল আঞ্চলিক বন সংমণ্ডল।

ৰহাৰ পশ্চিম গড়মাৰীত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মীন মহাবিদ্যালয়ৰ নিচেই কাষৰ কলং নদীৰ পাৰত চলিছে অবৈধ মাটি খনন। কলঙৰ নৱ নিৰ্মিত মথাউৰি আৰু কলং নদীৰ মাজৰ অংশৰ মাটি খনন কৰি নিমন্ত্ৰণ দিছে মহা বিপৰ্যয়ক। কোনো নীতি নিয়ম নমনাকৈ কাৰো অনুমতি নোলোৱাকৈ দিনে নিশাই খনন কৰিছে কলঙৰ পাৰ। উক্ত কাৰ্যক লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে ক্ষোভৰ বহিঃপ্ৰকাশ। এই অবৈধ খনন কাৰ্যক অতি শীঘ্ৰে বন্ধ কৰি এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী কৰিছে স্থানীয় ৰাইজে। যদি এনেকৈ দৈনিক মাটি খনন চলি থাকে এদিন যে ৰাইজ বানপানীৰ কবলত পৰিব সেইটো নিশ্চিত। উক্ত বিষয় সন্দৰ্ভত চকু মুদা কুলিৰ ভাও গ্ৰহণ কৰা ৰহা ৰাজহ চক্ৰ বিষয়াক শীঘ্ৰেই উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande