

গুৱাহাটী, ০৬মাৰ্চ (হি.স.)। সামৰণি পৰিল ডিমৰীয়াৰ মিটনীত অনুষ্ঠিত দৌল মহোৎসৱৰ। অন্তিম দিনা উলিওৱা হ'ল ঘুনুচা যাত্ৰা। অঞ্চলবাসীয়ে এজনে-আন এজনক ফাকুৱা লগায় আনন্দত মতলীয়া হৈ পৰে। উল্লেখ্য যে ৬০০ বছৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ডিমৰীয়াৰ পাঁচকুছি ৰাইজৰ উদ্যোগত আৰু বৃহত্তৰ ডিমৰীয়াবাসী ৰাইজৰ সহযোগত মিটনী শ্ৰী শ্ৰী জগন্নাথ ধামত সোমবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ আৰু ঘুনুচা যাত্ৰাৰ।
অন্তিম দিনা উলিওৱা ঘুনুচা যাত্ৰাত অঞ্চলটোৰ পদূলিয়ে পদূলিয়ে গোঁসাই ফুৰোৱাৰ লগতে উলিওৱা হয় এক বিশাল শোভাযাত্ৰা। এই বিশাল শোভাযাত্ৰা উদ্বোধন কৰে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই। শোভাযাত্ৰাত অঞ্চলটোৰ ৰাইজে অংশগ্ৰহণ কৰি এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি কৰে।
আনহাতে উক্ত শোভাযাত্ৰা তেতেলিয়া, ক্ষেত্ৰী আৰু মালয়বাৰী হৈ পুনৰ জগন্নাথ মন্দিৰত সামৰণি পেলোৱা হয়।
হিন্দুস্থান সমাচাৰ / Narayan Kar