নগাঁৱৰ কচুৱাত গোহালী উদং কৰি গৰু লৈ উধাও চোৰ
নগাঁৱ, ০৬ মাৰ্চ (হি.স.)। বিগত কিছু দিনৰ পৰা অসমৰ বিভিন্ন গাৱে ভুৱে গৰু চোৰৰ উপদ্ৰৱ যঠেষ্ট বৃদ্ধি পোৱাৰ সমান্তৰাল ভাবে নগাঁৱৰ কচুৱাৰ বিভিন্ন প্ৰান্তত অস্বাভিক হাৰত গৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ একে নিশাই গোহালী উদং কৰি গৰু লৈ উধাও হ''
নগাঁৱৰ কচুৱাত গোহালী উদং কৰি গৰু লৈ উধাও চোৰ


নগাঁৱ, ০৬ মাৰ্চ (হি.স.)। বিগত কিছু দিনৰ পৰা অসমৰ বিভিন্ন গাৱে ভুৱে গৰু চোৰৰ উপদ্ৰৱ যঠেষ্ট বৃদ্ধি পোৱাৰ সমান্তৰাল ভাবে নগাঁৱৰ কচুৱাৰ বিভিন্ন প্ৰান্তত অস্বাভিক হাৰত গৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ একে নিশাই গোহালী উদং কৰি গৰু লৈ উধাও হ'ল চোৰ ৷ কচুৱাৰ মাইকলং গাঁৱত উক্ত ঘটনাটো সংঘটিত হয় ৷ পুৱা উঠি গোহালিত এটাও গৰু নেদেখি হৈ –হাল্লা কৰে গৃহস্তই। চোৰৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ ৷

উপাইহীন গৃহস্তই গৰু চুৰিৰ বিষয়ে স্থানীয় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

দুখীয়া কৃষকৰ গৰু চুৰি কৰি একাংশই চলাই আছে গৰুৰ ৰমৰমীয়া ব্যৱসায় ৷ কুম্ভকৰ্ণ নিদ্ৰাত আৰক্ষী প্ৰশাসন ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande