
গোলাঘাট, ০৬ মাৰ্চ (হি.স.)। দেৰগাঁওৰ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে এখন কয়লা ভৰ্ত্তি ট্ৰাক। ৰঙামাটি টোল গেটৰ সমীপত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো। ট্ৰাক খনত নিৰ্ধাৰিত ওজনতকৈ অধিক কয়লা অনাৰ বাবেই সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো।
ট্ৰাক খনৰ নম্বৰ এএছ ০১জিচি ৩৮৬৩।
নগালেণ্ড নাগিনীমৰাৰ পৰা তেজপুৰ অভিমুখী আছিল কয়লা ভৰ্ত্তি ট্ৰাক খন। বহু সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হ'ল তীব্ৰ যানজঁটৰ। ঘটনাস্থলীত যানবাহন আৰক্ষী উপস্থিত হৈ চালক জনক জিম্মাত লৈ জেৰা কৰে। ট্ৰাক খনৰ নথি পত্ৰত ব্য়াপক বিসংগতি ধৰা পৰে। ট্ৰাক চালক জনক সোধাপোচা কৰি জেৰা অব্যাহত ৰাখিছে জিলা যানবাহন আৰক্ষীৰ শীৰ্ষ বিষয়াই। নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা