দুৰ্ঘটনাগ্ৰস্ত এছইউ ৩০ এমকেআই যুঁজাৰু বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰৰ বাবে চকীহোলাত অৱতৰণ আইএএফৰ হেলিকপ্টাৰ
কাৰ্বি আংলং, ০৬ মাৰ্চ (হি.স.)। কাৰ্বি আংলঙৰ ঘন অৰণ্যত দুৰ্ঘটনাত পতিত হোৱা ভাৰতীয় বায়ু সেনা বাহিনীৰ অত্যাধুনিক যুদ্ধ জাহাজ এছইউ ৩০ এমকেআইৰ ধ্বংসাৱশেষ উদ্ধাৰৰ বাবে চকীহোলাত অৱতৰণ কৰিছে আইএএফৰ এখন হেলিকপ্টাৰ । হেলিকপ্তাৰত যোৱা ভাৰতীয় বায়সেনাৰ উচ্চপদ
দুৰ্ঘটনাগ্ৰস্ত এছইউ ৩০ এমকেআই যুঁজাৰু বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰৰ বাবে চকীহোলাত অৱতৰণ আইএএফৰ হেলিকপ্টাৰ


কাৰ্বি আংলং, ০৬ মাৰ্চ (হি.স.)। কাৰ্বি আংলঙৰ ঘন অৰণ্যত দুৰ্ঘটনাত পতিত হোৱা ভাৰতীয় বায়ু সেনা বাহিনীৰ অত্যাধুনিক যুদ্ধ জাহাজ এছইউ ৩০ এমকেআইৰ ধ্বংসাৱশেষ উদ্ধাৰৰ বাবে চকীহোলাত অৱতৰণ কৰিছে আইএএফৰ এখন হেলিকপ্টাৰ । হেলিকপ্তাৰত যোৱা ভাৰতীয় বায়সেনাৰ উচ্চপদস্ত বিষয়া উপস্থিত হয় দুৰ্ঘটনাস্থলীত। অত্যাধুনিক যন্ত্ৰপাতি তথা সা-সৰঞ্জাম লৈ উপস্থিত হয় উদ্ধাৰকাৰীৰ বিশেষজ্ঞ দল ।

ইফালে দুৰ্গম পাহাৰলৈ কালি নিশা যোৱা উদ্ধাৰকাৰীৰ দল বৰ্তমানেও নামি অহা নাই। এনেস্থলত বিমান দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে আন এটা উদ্ধাৰকাৰী দল ৷ আনহাতে মৃত পাইলটৰ শৰীৰৰ অৱশিষ্ট উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে বুলি জনা গৈছে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande