
গুৱাহাটী, ০৬ মাৰ্চ(হি.স.)। অসমৰ বিৰোধী দলৰ শিবিৰত ফাট মেলাৰ উপক্ৰম হোৱা দেখা গৈছে, ৰাইজৰ দল অবিহনে কংগ্ৰেছে মিত্ৰতাৰে আগবাঢ়িব পাৰে বুলি ইংগিত পোৱা গৈছে। কংগ্ৰেছৰ দলীয় সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলক বাদ দি বিৰোধী মিত্ৰজোঁট গঠনৰ সম্ভাৱনা কংগ্ৰেছে বিবেচনা কৰি আছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুৰব্বী গৌৰৱ গগৈৰ অধ্যক্ষতাত আজি এখন বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বৈঠকত কংগ্ৰেছ নেতৃত্বাধীন আন বিৰোধী দলৰ নেতাসকলো উপস্থিত থাকিব।
অৱশ্যে সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাইজৰ দলক এই পৰ্যন্ত প্ৰস্তাৱিত বৈঠকলৈ নিমন্ত্ৰণ কৰা হোৱা নাই। কংগ্ৰেছে আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰাৰ সিদ্ধান্তৰ পিছতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছিল ।
ইয়াৰ পূৰ্বে ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে এই পদক্ষেপক সমালোচনা কৰি “দুৰ্ভাগ্যজনক” আখ্যা দি মিত্ৰতাৰ আলোচনা চলি থকাৰ সময়তে কংগ্ৰেছে একপক্ষীয়ভাৱে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।
কংগ্ৰেছ নেতা সকলে বিজেপি বিৰোধী মিত্ৰতা গঢ়াৰ প্ৰচেষ্টা অব্যাহত আছে বুলি কৈছে যদিও দলটোৱে অসম জাতীয় পৰিষদৰ সৈতে বুজাবুজি নিশ্চিত কৰিছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ