তামিলনাডুত নিহত বৰহোলাৰ যুৱক
যোৰহাট, ০৬ মাৰ্চ (হি.স.)। বহিঃৰাজ্যত সংঘটিত এক পথ দুৰ্ঘটনাত বৰহোলা ৮ নং লাইনৰ এজন অসমীয়া যুৱকে মৃত্যুক আকোৱালি লব লগা হয়৷ নিহত যুৱক জনৰ নাম মাধৱ দত্ত৷ নিহত যুৱক জনে তামিলনাডুৰ পানা পোলাককামৰ এটা বস্ত্ৰ উদ্যোগত ৫ বছৰ ধৰি কৰ্মৰত হৈ আছিল৷ পৰহি সংঘটিত
তামিলনাডুত নিহত বৰহোলাৰ যুৱক


যোৰহাট, ০৬ মাৰ্চ (হি.স.)। বহিঃৰাজ্যত সংঘটিত এক পথ দুৰ্ঘটনাত বৰহোলা ৮ নং লাইনৰ এজন অসমীয়া যুৱকে মৃত্যুক আকোৱালি লব লগা হয়৷ নিহত যুৱক জনৰ নাম মাধৱ দত্ত৷ নিহত যুৱক জনে তামিলনাডুৰ পানা পোলাককামৰ এটা বস্ত্ৰ উদ্যোগত ৫ বছৰ ধৰি কৰ্মৰত হৈ আছিল৷ পৰহি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত যুৱকজনে প্ৰাণ হেৰুৱাই৷

উক্ত খবৰটো লাভ কৰাৰ পিছতে হাহাঁকাৰ লাগিছে দৰিদ্ৰ পৰিয়ালটোৰ মাজত৷ ঘৰ খনৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজনৰ মৃতদেহ আনিবলৈ পৰিয়ালৰ হাতত নাই উপযুক্ত ধন৷ সেয়েহে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক পৰিয়ালৰ লোকে স্ব-গৃহলৈ মৃতদেহটো অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande