
গুৱাহাটী, ০৬ মাৰ্চ (হি.স.)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে অখিল গগৈক কেন্দ্ৰ কৰি মিত্ৰজোঁটৰ ৰাজনীতিৰ “নাটক” মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনলৈকে চলি থাকিব। তেওঁ ৰাজনৈতিক দলসমূহক মিত্ৰতাৰ বিষয়ত অখিল গগৈক বিশ্বাস নকৰিবলৈ পৰামৰ্শ দিয়ে ।
আজি নাহৰকটীয়াত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে কয় যে অখিল গগৈয়ে বাৰে বাৰে মিত্ৰতাৰ স্থিতি সলনি কৰি আছে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো অন্তিম মুহূৰ্তলৈকে অনিশ্চয়তা বজাই ৰখাৰ কৌশলৰ অংশ।
শিৱসাগৰ বিধানসভাৰ আসন সন্দৰ্ভত বিজেপিৰ ভিতৰত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। বিজেপি বা ইয়াৰ মিত্ৰ আসম গণ পৰিষদে এই আসনত প্ৰতিদ্বন্দ্বিতা কৰিব নে নাই সেই সন্দৰ্ভত এতিয়াও আলোচনা অব্যাহত আছে ।
তেওঁ উল্লেখ কৰে যে মিত্ৰজোঁটৰ ভিতৰত আলোচনাৰ অন্ততহে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। শিৱসাগৰ আসনখন ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে, বৰ্তমান অখিল গগৈয়ে বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া