
গুৱাহাটী, ০২ মাৰ্চ (হি.স.)। গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষীয়ে জাল সোণৰ লগতে এগৰাকী মহিলাসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।
আজি গুৱাহাটী আৰক্ষীয়ে জনোৱা মতে, এক গোপন সূত্ৰৰ ভিত্তিত থানা এলেকাৰ নেপালী মন্দিৰ অঞ্চলত অভিযান চলাই ১ কিলোগ্ৰাম ৩১ গ্ৰাম নকল সোণসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয়।
ধৃত অভিযুক্তক মিহিৰজান ইছলাম (২৫, বৰপেটা), মহম্মদ হানিফ আলী (২৪, লালুক), আৰু ৰেকেটৰ মাষ্টাৰমাইণ্ড লালুক নিবাসী মেহেৰজন নেছা (৩০) বুলি জানিব পৰা গৈছে। হৰমোটি অ’পিডিত আটক কৰি ৰাখিছে দুয়োকে। এফআইআৰ পঞ্জীয়ন কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
हिन्दुस्थान समाचार