গৌৰীপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
গৌৰীপুৰআৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
গৌৰীপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান


ধুবুৰী, ০৩ মাৰ্চ (হি.স.): ধবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে যোৱা কালি দেওবাৰে সন্ধিয়া ড্ৰাগছ বিৰোধী অভিযান চলায় ।অভিযানত ড্ৰাগছসহ আটক হয় এজন সৰবৰাহকাৰী । ড্ৰাগছ সৰৰাহকাৰীজন নৈদাৰ গাঁৱৰ মইনুল হক বুলি পৰিচয় পোৱা গৈছে ।

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী জনক খেদি খেদি চহৰৰ ৪নং ৱাৰ্ডত আটক কৰে । সৰবৰাহকাৰী জনৰ পৰা দুটা চাবোনৰ বাকচ ভৰ্তি হেৰোইন জব্দ কৰা হৈছে । জব্দকৃত হেৰোইন খিনিৰ ওজন প্ৰায় ২৪ গ্ৰাম বুলি জানিব পৰা গৈছে। গৌৰীপুৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰীজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande