ওৰাঙৰ কেজিবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “মা অনুষ্ঠান” শীর্ষক সজাগতা সভা
ওডালগুৰি, ০৯ জানুৱাৰী (হি.স.)। ওৰাঙৰ কেজেবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আই মাতৃৰ কান্দোনৰ ৰোল | এগৰাকী মাতৃৰ জীৱনৰ সংঘৰ্ষ, সংগ্ৰামৰ কাহিনীৰে এক আৱেগিক মূহুৰ্ত দেখা যায় বিদ্যালয়খনত| মাতৃ বন্দনাৰ উদ্দেশ্যে লখিমপুৰৰ মা অনুষ্ঠান আৰু ওৰাঙৰ সাৰথি ন্যাস
ওৰাঙৰ কেজিবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “মা অনুষ্ঠান” শীর্ষক সজাগতা সভা


ওডালগুৰি, ০৯ জানুৱাৰী (হি.স.)। ওৰাঙৰ কেজেবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আই মাতৃৰ কান্দোনৰ ৰোল | এগৰাকী মাতৃৰ জীৱনৰ সংঘৰ্ষ, সংগ্ৰামৰ কাহিনীৰে এক আৱেগিক মূহুৰ্ত দেখা যায় বিদ্যালয়খনত| মাতৃ বন্দনাৰ উদ্দেশ্যে লখিমপুৰৰ মা অনুষ্ঠান আৰু ওৰাঙৰ সাৰথি ন্যাসে আজি অনুষ্ঠিত কৰে “মা অনুষ্ঠান” শীর্ষক সজাগতা সভা তথা সেৱা অনুষ্ঠান |

অনুষ্ঠানত লক্ষ্মীমপুৰস্থিত মেচার্চ জি বৰদলৈ এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী গোবিন বৰদলৈয়ে প্রায় ১০০ গৰাকী বৃদ্ধা আই মাতৃক গামোচা আৰু গৰম কাপোৰেৰে সেৱা আগবঢ়ায় | অনুষ্ঠানৰ আৰম্ভণিতে ওৰাং লক্ষ্মী মন্দিৰৰ পৰা বিদ্যালয় প্ৰাংগনলৈ ১০০ গৰাকী আইমাতৃক গায়ন বায়নেৰে আদৰি অনা হয় | এগৰাকী মাতৃৰ সংগ্রাম, বুকুৰ মাজত সোমাই থকা বিষ বেদনাৰ কিছু সুস্থিৰ আলোচনাৰ বাবে মা অনুষ্ঠান আৰু সাৰথি ন্যাসে এনে বর্ণিল অনুষ্ঠান অনুষ্ঠিত কৰাত এতিয়া প্ৰসংশাৰে ওপচাইছে অঞ্চলটোৰ বিদ্বতমহলে |

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande