
নলবাৰী, ০৯ জানুৱাৰী (হি.স.)। নলবাৰীত প্ৰতিবাদ মুখৰ হল চৰকাৰী কৰ্মচাৰী। কৰ্মচাৰী পৰিষদে অনুষ্ঠিত কৰিলে প্ৰতিবাদী সভা। নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।
নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰীৰ চৰকাৰী কৰ্মচাৰীয়ে। উল্লেখ্য যে নতুন পেন্সন নীতিক লৈ অসন্তুষ্ট হৈ থকা চৰকাৰী কৰ্মচাৰী সকলে দীৰ্ঘদিন ধৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত আন্দোলন কৰি আহিছে যদিও তেওঁলোকৰ দাবী চৰকাৰে মানি লোৱা নাই বুলি । সেয়েহে অতি শীঘ্ৰে তেওঁলোকৰ দাবী মানি লবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী চৰকাৰী কৰ্মচাৰী সকলে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা