
গোৱালপাৰা, ০৯ জানুৱাৰী (হি.স.)। গোৱালপাৰাৰ শিমলীতোলা নয়াপাৰা যুৱ সংঘৰ সৌজন্যত চতুৰ্থ বাৰ্ষিক ভোগালী বিহু মহোৎসৱৰ প্ৰস্তুতি তুংগত।শিমলীতোলা যুৱ সংঘ আৰু শিমলীতোলা অঞ্চলবাসী ৰাইজৰ সহযোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে এই ভোগালী মহোৎসৱ। এই ভোগালী মহোৎসৱৰ মুল আকৰ্ষন ১০৩ ফুট দৈৰ্ঘ্যৰ জাপি।
প্ৰয়াত জুবিন গাৰ্গৰ নামত নিৰ্মাণ কৰা হৈছে এই জাপিটো। প্ৰায় এমাহ ধৰি এই বৃহৎ আকাৰৰ জাপি তৈয়াৰ কৰাৰ লগতে অন্যান্য মেজি ঘৰ, প্ৰৱেশ দ্বাৰৰ কাম চলি আছে। প্ৰায় ৫০ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে। শিমলীতোলা ভোগালী মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ