
কামৰূপ, ০৯ জানুৱাৰী (হি.স.)। মিৰ্জাৰ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানত প্ৰাক ভোগালী বিহু উদযাপন। সমাগত ভোগৰ উৎসৱ ভোগালী বিহু। ভোগালী বিহুলৈ মাজত মাথো কেইদিনমান বাকী। তেনে স্থলত শুকুৰবাৰে দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানত উদযাপন কৰা হয় প্ৰাক্ ভোগালী বিহু।
বিগত বহু বছৰ ধৰি মিৰ্জাস্থিত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানত উদযাপন কৰা হৈ আহিছে প্ৰাক্ ভোগালী। এইবেলিও ইয়াৰে কোনো ব্যতিক্ৰম নহয় নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান। অতি উলহ মালহেৰে উদযাপন কৰা হয় প্ৰাক ভোগালী বিহু। নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত উপস্থিত শিক্ষাৰ্থী, শিক্ষক -শিক্ষয়িত্ৰী সকলোৱে জাতীয় সাজ-পাৰ পৰিধান কৰি অসমীয়া ভোগালী বিহুৰ পৰম্পৰা অনুসৰি মেজি জ্বলায়, বিভিন্ন খেল-ধেমালি অনুষ্ঠিত কৰা হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু