চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুদিনীয়াকৈ অনুষ্ঠিত মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান
নগাওঁ, ০৯ জানুৱাৰী (হি.স.)। নগাওঁ জিলাৰ চামগুৰিৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰা উপলক্ষে দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় বৰ্ষজোৰা মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ৷ ইয়াকে কেন্দ্ৰ কৰি পুৱাৰ
চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুদিনীয়াকৈ অনুষ্ঠিত মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান


নগাওঁ, ০৯ জানুৱাৰী (হি.স.)। নগাওঁ জিলাৰ চামগুৰিৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰা উপলক্ষে দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় বৰ্ষজোৰা মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ৷ ইয়াকে কেন্দ্ৰ কৰি পুৱাৰ ভাগৰ পৰা বিদ্যালয় খনত উখল মাখল পৰিৱেশ। ১৯৫০ চনত স্থাপিত হোৱা নগাঁৱৰ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে মহা ৰজত জয়ন্তী বৰ্ষৰ সামৰনি অনুষ্ঠানৰ অনুষ্ঠিত কৰে৷

অনুষ্ঠানৰ আৰম্ভণিতে পুৱা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অৱসৰপ্ৰাপ্ত শিক্ষক, বিদ্যালয় পৰিচালনা সমিতি, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, বিশিষ্ট সমাজ সেৱক সুৰেশ বৰা আৰু অঞ্চলটোৰ বৰেণ্য ব্যক্তি সকলৰ দ্বাৰা ৭৫খন পতাকা উত্তোলন কৰি মহা ৰজত জয়ন্তী বৰ্ষৰ সামৰনি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পাছতে ভাৰতৰত্ন সুধাকণ্ঠ শিল্পী ড৹ ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ, বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ বিদ্যালয়ৰ ন -পুৰণি ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা উলিওৱা হয় বাৰে ৰহনীয়া সাংস্কৃতিক শোভ যাত্ৰা । ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande