
ধুবুৰী, ০৯ জানুৱাৰী (হি.স.)। ভামনডাঙ্গা ২য় খণ্ডৰ ৰসিদুল হক নিৰুদ্দেশ। আগমনীৰ ভামনডাঙ্গা ২য় খণ্ডৰ মানসিক বিকাৰ গ্ৰস্থ ৰসিদুল হক ওৰফে ডোলা যোৱা মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। কোনো হৃদয় বান ব্যাক্তিয়ে ৰসিদুল হকক দেখা পালে স্থানীয় আৰক্ষী থানাত গতাই দিবলৈ আহ্বান জনায় ৰসিদুলৰ পৰিয়ালে।প্ৰাপ্ত তথ্য অনুসৰি, যোৱা মঙলবাৰে নিশা আনুমানিক ৭বজাৰ পৰা নিৰুদ্দেশ হয় ভামনডাঙ্গাৰ ছায়াদ আলীৰ পুত্ৰ ৰসিদুল হক। জানিব পৰা মতে ৰসিদুল হকৰ বৰ্তমান বয়স ৩১ বছৰ। উল্লেখ্য যে,ৰসিদুল হকক দেখা পালে স্কিনত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনায় ৰসিদুলৰ শোকাকুল পৰিয়ালে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ