জাগীৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত এজন আহত
মৰিগাও, ০৯ জানুৱাৰী (হি.স.)। জাগীৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা l পথ দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত জাগীৰোড আৰক্ষী থানাত কৰ্মৰত এগৰাকী হোম গাৰ্ড l নিশা থানাৰ সন্মুখত থকা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ পথটোৰ আনটো পাৰে থকা দোকানলৈ বুলি
জাগীৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত এজন আহত


মৰিগাও, ০৯ জানুৱাৰী (হি.স.)। জাগীৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা l পথ দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত জাগীৰোড আৰক্ষী থানাত কৰ্মৰত এগৰাকী হোম গাৰ্ড l নিশা থানাৰ সন্মুখত থকা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ পথটোৰ আনটো পাৰে থকা দোকানলৈ বুলি অগ্ৰসৰ হোৱা অৱস্থাত এখন তীব্ৰ বেগী বাহনে খুন্দিয়াই থৈ যায় হোম গাৰ্ড গৰাকীক l

৩৮ বছৰীয়া দেৱজিৎ নাথ নামৰ হোম গাৰ্ড গৰাকীৰ ঘৰ মৰিগাঁৱৰ মিকিৰভেটাত l সংকটজনক অৱস্থাত জিএমচিএইছ লৈ প্ৰেৰণ lদুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী থানাৰ আন আৰক্ষী জোৱানে আহত হোম গাৰ্ড গৰাকীক উদ্ধাৰ কৰি জিএমচিএইছলৈ প্ৰেৰণ কৰে। আহত জোৱান গৰাকী বৰ্তমান অতি সংকটজনক অৱস্থাত জিএমচিএইছত চিকিতসাধীন হৈ আছে।আহত জোৱান গৰাকীৰ পৰিয়ালৰ লোকে দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ স্বত্বাধিকাৰ গৰাকীৰ পৰা উপযুক্ত ক্ষতিপুৰণৰ দাবী উত্থাপন কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande