
শিৱসাগৰ, ০৯ জানুৱাৰী (হি.স.)। ঐতিহাসিক ধোদৰ আলি নিৰ্মাণৰ দাবীত নাজিৰাত আছুৰ পথ অৱৰোধ,৷ নাজিৰাৰ ঐতিহাসিক ধোদৰ আলিৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক৷
জৰাজীৰ্ণ পথৰ বাবেই যান-বাহন চলাচল,পথচাৰীৰ যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে পথটোত ৷
এই জৰাজীৰ্ণ পথৰে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, ৰোগী অহা যোৱা কৰে কিন্তু কাণসাৰ নাই নাজিৰাৰ সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে ৰাজ্য বিয়াগোম লোকনিৰ্মাণ বিভাগৰ৷
ঐতিসাহিক ধোদৰ আলি নিৰ্মাণৰ দাবীৰে আজি নাজিৰাৰ আঞ্চলিক ছাত্ৰ সন্থাই পথ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰে৷ নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া মূৰ্দাবাদ,অসম চৰকাৰ হায় হায়,বিজেপি গ’বেক, লোকনিৰ্মাণ বিভাগ গ’বেক শ্ল’গানেৰে উত্তাল কৰি তোলে পথ অৱৰোধ স্থলী৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা