বাক্সা জিলাত চলি আছে সৰুসজাইত অনুষ্ঠিত হবলগীয়া বাগৰুম্বা নৃত্যৰ আখৰা
বাক্সা, ০৯ জানুৱাৰী (হি.স.)। অহা ১৬ জানুৱাৰীত সৰুসজাইত উপস্থিত হৱ লগা ভাৰতৰ প্ৰধান মন্ত্ৰীৰ সন্মুঅখত দহ হাজাৰ বডো যুৱতীয়ে প্ৰদৰ্শন কৰিব বডো সকলৰ কৃষ্টি বাগৰুম্বা নৃত্য।এই নৃত্য প্ৰদৰ্শনৰ বাবে ইতিমধ্য আখৰা প্ৰস্তুত কৰিছে জিলাই জিলাই। বিহুনৃত্য ,যুম
বাক্সা জিলাত চলি আছে সৰুসজাইত অনুষ্ঠিত হবলগীয়া বাগৰুম্বা নৃত্যৰ আখৰা


বাক্সা, ০৯ জানুৱাৰী (হি.স.)। অহা ১৬ জানুৱাৰীত সৰুসজাইত উপস্থিত হৱ লগা ভাৰতৰ প্ৰধান মন্ত্ৰীৰ সন্মুঅখত দহ হাজাৰ বডো যুৱতীয়ে প্ৰদৰ্শন কৰিব বডো সকলৰ কৃষ্টি বাগৰুম্বা নৃত্য।এই নৃত্য প্ৰদৰ্শনৰ বাবে ইতিমধ্য আখৰা প্ৰস্তুত কৰিছে জিলাই জিলাই।

বিহুনৃত্য ,যুমুৰ নৃত্যৰ পিছতে এইবাৰ বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিবলৈ লোৱাত উৎফুল্লিত হয় বডো যুৱক যুৱতী সকল।ইয়াৰ বাবে বাক্সা জিলাৰ বৰমা ,শালবাৰী আৰু বৰবৰীত কালিৰে পৰা আৰম্ভ হয় বাগুৰুম্বা নৃত্যৰ ।জিলা খনৰ পৰা মুঠ ৮৩৫ গৰাকী যুৱতীয়ে প্ৰশিক্ষণৰ বাবে সাজু হৈছে। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা প্ৰশিক্ষণ কাইলৈ শনিবাৰে অন্ত পৰাৰ পিছতে গুৱাহাটীলৈ নি দহ হাজাৰ যুৱতীক একেলগে তিনিদিনৰ বাবে প্ৰশিক্ষণ দিয়া হব বুলি জানিব দিয়ে প্ৰশিক্ষক সকলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande