
নগাঁও, ০৯ জানুৱাৰী (হি.স.)। ননৈ পৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষি মেলাৰ শুভ উদ্বোধন। জ্যোষ্ঠ সাংবাদিক নিতুমনি শইকীয়াই উদ্ঘাটন কৰে এই মেলাৰ।
এই গ্ৰন্থ উতসৱ আৰু কৃষি মেলাৰ শুভ উদ্বোধন কৰি সাংবাদিকগৰাকীয়ে কয় যে যন্ত্ৰই কেতিয়াও মানুহৰ হৃদয় আৰু মগজু আন্দোলিত আৰু আহ্লাদিত কৰিব কৰিব নোৱাৰে, গ্ৰন্থইহে মানুহৰ মন-মগজু বিকাশ কৰিব পাৰে । নগাঁৱৰ ননৈ হাঁহিলা বিলৰ পাৰৰ জুবিন গাৰ্গ ক্ষেত্ৰত আজিৰে পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ । এই গ্ৰন্থমেলাত বহুকেইখন গ্ৰন্থ বিপণী আৰু থলুৱাভাৱে উৎপাদিত শাক পাচলিৰ বিপণীয়ে অংশগ্ৰহণ কৰে । গ্ৰন্থ উৎসৱৰ দিনকেইটাত বিশিষ্ট সাহিত্যিক ময়ূৰ বৰা, বুদ্ধিজীৱি চিন্তাবিদ হীৰেন গোঁহাই, জলপ্ৰপাত খ্যাত জয়ন্ত মাধৱ বৰা, বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মণ, নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা , নগাঁও বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ হিতেশ ডেকাৰ লগতে বহু কেইগৰাকী কবি-সাহিত্যিক উপস্থিত থাকিব ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা