যোৰাবাটৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত
মৰিগাও, ০৯ জানুৱাৰী (হি.স.)। যোৰাবাটৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। থিতাতে নিহত হই এগৰাকী ব্যক্তি। শ্বিলঙৰ পৰা গুৱাহাটী অভিমুখে একে দিশে গৈ থকা অৱস্থাত এখন স্কুটীক খুন্দিয়ালে ১১০৯ ট্ৰাকে। এএছ ০১ এক্সচি ৪০৭৫ নম্বৰৰ ট
যোৰাবাটৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।


যোৰাবাটৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।


মৰিগাও, ০৯ জানুৱাৰী (হি.স.)। যোৰাবাটৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। থিতাতে নিহত হই এগৰাকী ব্যক্তি।

শ্বিলঙৰ পৰা গুৱাহাটী অভিমুখে একে দিশে গৈ থকা অৱস্থাত এখন স্কুটীক খুন্দিয়ালে ১১০৯ ট্ৰাকে। এএছ ০১ এক্সচি ৪০৭৫ নম্বৰৰ ট্ৰাক খনে এএছ ০১ ইএছ ৪৮২৫ নম্বৰৰ স্কুটী আৰোহী জনক খুন্দিয়াই বহু দূৰ চোঁচৰাই লৈ যোৱাৰ ফলতে থিতাতে নিহত হয় স্কুটী আৰোহী জন।

নিহত স্কুটী আৰোহী জনক বেলতলাৰ প্ৰদীপ কুমাৰ জামাৰ বুলি চিনাক্ত কৰা হৈছে। ঘটনাস্থলীত যোৰাবাট যানবাহন আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে স্কুটী আৰু ট্ৰাকখন জব্দ কৰে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande