
যোৰহাট, ০৯ জানুৱাৰী (হি.স.)। ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ২০২৬ উপলক্ষ্যে যোৰহাটত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন l
যোৰহাট জিলা পথ সুৰক্ষা সমিতিৰ সৌজন্যত তথা যোৰহাট জিলা পৰিবহণ বিভাগৰ সহযোগত আজি যোৰহাট আন্ত ৰাজ্যিক বাছ আস্থানত বিনামূলীয়াকৈ চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয় । পথ সুৰক্ষা মাহ ২০২৬ উপলক্ষে সম্পন্ন কৰা এই বিনামূলীয়া চকু পৰীক্ষা শিবিৰত শতাধিক গাড়ী চালকক চকু পৰীক্ষা কৰা হয়।
যোৰহাট জিলা পৰিবহন বিষয়া ধনঞ্জয় শইকীয়াই আঁত ধৰা অনুষ্ঠানত যোৰহাট ৰাজহ চক্ৰ বিষয়া ৰাজ জ্যোতি বৰা, আন্তঃ ৰাজ্যিক বাছ আস্থানৰ অধীক্ষক বিশ্ব জ্যোতি কলিতা , লাইঞ্চ ক্লাৱৰ মুখ্য সম্বয়ক অমৰ জ্যোতি বৰঠাকুৰৰ লগতে কেইবা গৰাকী ব্যক্তি উপস্থিত থাকে । উল্লেখ যে এই চকু পৰীক্ষা শিবিৰত লাইঞ্চ ক্লাব, লেন্স কাৰ্ট , যোৰহাট মেডিকেল কলেজে সহযোগিতা আগবঢ়াই। । দিনক দিনে বৃদ্ধি পাই অহা পথ দুৰ্ঘটনাৰ অন্যতম কাৰণ হল চালক সকলৰ চকুৰ সমস্যা। চালক সকলৰ চকুৰ সমস্যাৰ সমাধান কৰি পথ দুৰ্ঘটনা হ্ৰাস কৰিবৰ বাবে আজি চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিয়ে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু