যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৃষক মেলাত অসম, মেঘালয়,নাগালেণ্ডৰ কৃষকৰ অংশগ্ৰহণ
যোৰহাট, ০৯ জানুৱাৰী (হি.স.)। যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ বৃহৎ কৃষক মেলা l অসমৰ লগতে মেঘালয়,নাগালেণ্ডৰ কৃষকৰ অংশগ্ৰহণ l যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এখনি বৃহৎ কৃষক মেলা।কৃষক মে
যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৃষক মেলাত অসম, মেঘালয়,নাগালেণ্ডৰ কৃষকৰ অংশগ্ৰহণ


যোৰহাট, ০৯ জানুৱাৰী (হি.স.)। যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ বৃহৎ কৃষক মেলা l অসমৰ লগতে মেঘালয়,নাগালেণ্ডৰ কৃষকৰ অংশগ্ৰহণ l যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এখনি বৃহৎ কৃষক মেলা।কৃষক মেলাৰ উদ্বোধনী অনুষ্ঠানত আৰম্ভণীতেই বন্তি প্ৰজ্বলন কৰে আমন্ত্ৰিত বিশিষ্ট অতিথি সকলে। মনোৰঞ্জন নেওঁগে আদৰণী ভাষণ আগবঢ়োৱা কৃষক মেলাৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড°জ্যোতিপ্ৰসাদ শইকীয়া,নাবাৰ্ডৰ লোকেন দাস, কৃষি গৱেষণা কেন্দ্ৰৰ সঞ্চালক তথা আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি সঞ্জয় চেতীয়া,কৃষি বিজ্ঞান গুৰু প্ৰসন্ন কুমাৰ পাঠক,অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড°বিদ্যুৎ চন্দন ডেকা।

আনহাতে সকলোৱে কৃষক সকলক উদ্দেশ্যি পৰামৰ্শমূলক গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়।ইফালে কৃষি মেলাত কেইবাখনো জিলাৰ বিপনী আহি অংশগ্ৰহণ কৰাৰ লগতে মেঘালয় আৰু নাগালেণ্ডৰ কৃষক সকলো আহি অংশ লয়।লগতে এই দুটা দিনত প্ৰায় ৮ হাজাৰ কৃষক ভিন্ন প্ৰান্তৰ পৰা আহিব বুলি মন্তব্য দিয়ে উপাচাৰ্য ড°বিদ্যুৎ চন্দন ডেকাই।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande