হাইলাকান্দি জিলাৰ বাঘমাৰাত ভয়ঙ্কৰ অগ্নিকাণ্ড
হাইলাকান্দি, ০৯ জানুৱাৰী (হি.স.)। হাইলাকান্দি জিলাৰ বাঘমাৰাত কালি নিশা ভয়ঙ্কৰ অগ্নিকাণ্ড।বিধংসী জুইত জাহ গল ২ টা কৈ পৰিয়ালৰ ঘৰ। এই ঘটনাত আহত হৈছে এ''জন লোক। বাঘমাৰাৰ ৰেল লাইনৰ কাষত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ড।ঘটনাটো প্রত্যক্ষ কৰি জুই নিয়ন্ত্
হাইলাকান্দি জিলাৰ বাঘমাৰাত ভয়ঙ্কৰ অগ্নিকাণ্ড


হাইলাকান্দি, ০৯ জানুৱাৰী (হি.স.)। হাইলাকান্দি জিলাৰ বাঘমাৰাত কালি নিশা ভয়ঙ্কৰ অগ্নিকাণ্ড।বিধংসী জুইত জাহ গল ২ টা কৈ পৰিয়ালৰ ঘৰ। এই ঘটনাত আহত হৈছে এ'জন লোক। বাঘমাৰাৰ ৰেল লাইনৰ কাষত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ড।ঘটনাটো প্রত্যক্ষ কৰি জুই নিয়ন্ত্রণৰ ভাবে ওলাই আহে শ'শ ৰাইজ।

কিন্তু জুই নিয়ন্ত্রণত ব্যর্থ হয় ৰাইজ। খবৰ পাই বদৰপুৰ, কাটিগৰাৰ অগ্নিনিৰ্বাপন বাহীনি উপস্থিত হয়। ১ ঘন্টা চেষ্টা চলাই অগ্নিনিৰ্বাপন বাহীনিৰ কর্মী সকলে জুই নিৰ্বাপন কৰে। জানিব পৰা মতে, জুইত জাহ গৈছে মায়াৰুন নেছা আৰু গোলাপ হুচেইন নামৰ দুজন ব্যক্তিৰ বাসগৃহ। এই অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়ক্ষতিৰ পৰিমাণ কেইবা লাখ টকা হোৱাৰ আশংকা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande