হাইলাকান্দিৰ ঘাৰমুৰা বনাঞ্চলত ১৬ জানুৱাৰিৰ পৰা উচ্ছেদ অভিযান
হাইলাকান্দি, ০৯ জানুৱাৰী (হি.স.)। ব্ৰহ্মপুত্ৰ উপত্যকাৰ পিছত এইবাৰ বৰাক উপত্যকাত চলিব অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান। হাইলাকান্দি জিলাৰ ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দামছেৰা অঞ্চলৰ পৰা আৰম্ভ হ’ব এই অভিযান। ইতিমধ্যে জিলা প্ৰশাসন আৰু বন বিভাগে জান
হাইলাকান্দিৰ ঘাৰমুৰা বনাঞ্চলত ১৬ জানুৱাৰিৰ পৰা উচ্ছেদ অভিযান


হাইলাকান্দি, ০৯ জানুৱাৰী (হি.স.)। ব্ৰহ্মপুত্ৰ উপত্যকাৰ পিছত এইবাৰ বৰাক উপত্যকাত চলিব অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান। হাইলাকান্দি জিলাৰ ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দামছেৰা অঞ্চলৰ পৰা আৰম্ভ হ’ব এই অভিযান। ইতিমধ্যে জিলা প্ৰশাসন আৰু বন বিভাগে জাননী জাৰি কৰি অবৈধভাৱে বসবাস কৰা ৫২২ টা পৰিয়ালক উচ্ছেদৰ বাবে সাৱধান কৰিছে।

অহা ১৬ তাৰিখৰ পৰা অভিযান আৰম্ভ হোৱাৰ সম্ভাৱনা।প্ৰশাসনে ব্যানাৰ আৰু মাইকিংৰ জৰিয়তে বনাঞ্চল এৰি যাবলৈ ঘোষণা কৰিছে। কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাত উচ্ছেদক কেন্দ্ৰ কৰি হোৱা প্ৰতিবাদৰ ঠিক বিপৰীতে ছবি দেখা গল হাইলাকান্দিত। ইয়াত উচ্ছেদৰ আগতেই একাংশ লোকে ঘৰ ভাঙি সামগ্ৰী স্থানান্তৰ কৰি এলেকা এৰি যাবলৈ দেখা গৈছে। ইপিনে, একাংশ বেদখলকাৰীয়ে বহু বছৰৰ পৰা মিজোৰামৰ আগ্ৰাসনৰ পৰা এই ভূমি ৰক্ষা কৰি আহিছে বুলি দাবী কৰি বিষয়টোক লৈ চৰ্চাৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande