
যোৰহাট, ০৯ জানুৱাৰী (হি.স.)। অসমত পোনপ্ৰথম বাৰৰ বাবে হ'বলৈ গৈ আছে নৃত্যৰ সৰ্ববৃহৎ ৰিয়েলীটি শ্ব'। ACMS প্ৰডাকচনৰ সৌজন্যত অনুষ্ঠিত হ'বলগীয়া এই নৃত্য মহাৰণত ৰাজ্যৰ প্ৰতিভাৱান নৃত্য শিল্পীসকলক এক উপযুক্ত মঞ্চ দিয়াৰ প্ৰয়াস কৰা হৈছে। অসমৰ চাৰিগৰাকী জনপ্ৰিয় কৰিয়গ্ৰাফাৰ ক্ৰমে অংকুৰ ঠেঙাল,চন্দন বৰা,মহেন্দ্ৰ শইকীয়া আৰু সুনীল ৰায়ৰ তত্ত্বাৱধানত অনুষ্ঠিত হব লগা নৃত্য মহাৰণৰ অ'ডিচন অসমৰ প্ৰতিখন জিলাতে সম্পন্ন হ'ব।
অহা ১৮ জানুৱাৰী তাৰিখে নাজিৰাত অ'ডিচন ৰাউণ্ডৰ শুভ উদ্বোধনী কৰা হ'ব। সৰ্বমুঠ ১ লাখ টকা পুৰষ্কাৰ যুক্ত নৃত্য মহাৰণৰ ফাইনেল ৰাউণ্ডত বিচাৰক হিচাপে থাকিব অসমীয়া বোলছবি জগতৰ কৰিয়গ্ৰাফাৰ পংকজ ইংতি আৰু অভিনেত্ৰী সুনীতা কৌশিক। ইচ্ছুক প্ৰতিযোগী সকলে নৃত্য মহাৰণৰ বিষয়ে অধিক জানিবলৈ 7002857737 নম্বৰত যোগাযোগ কৰিব আহ্বান জনাইছে আয়োজক মণ্ডলীয়ে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু