কংগ্ৰেছৰ নেতৃত্বত অসমৰ বিৰোধী দলসমূহে মিঞা সত্তাৰ উত্থানৰ বাবে উঠিপৰি লাগিছেঃ ৰাজ্যিক বিজেপি
গুৱাহাটী, ০৯ জানুৱাৰী (হি.স.)। বদৰুদ্দিন আজমলে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে বুলি মুকলিকৈ দাবী কৰা আৰু এ আই ডি ইউ এফৰ ভোটেৰে ৰাজ্যসভাৰ সাংসদ হোৱা অজিত ভূঞাই অসম জাতীয় পৰিষদত যোগদান তথা সৰুপথাৰ সমষ্টিৰ পৰা ১১ হাজাৰ মিঞা ভোট কৰ্তন কৰাৰ বিৰুদ্ধে
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ০৯ জানুৱাৰী (হি.স.)। বদৰুদ্দিন আজমলে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে বুলি মুকলিকৈ দাবী কৰা আৰু এ আই ডি ইউ এফৰ ভোটেৰে ৰাজ্যসভাৰ সাংসদ হোৱা অজিত ভূঞাই অসম জাতীয় পৰিষদত যোগদান তথা সৰুপথাৰ সমষ্টিৰ পৰা ১১ হাজাৰ মিঞা ভোট কৰ্তন কৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহ একত্ৰিত হৈ মিঞাক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰাৰ লগতে অসমত মিঞা সত্তাৰ উত্থানৰ বাবে উঠিপৰি লাগিছে। আজি বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি জৰিয়তে ৰাজ্যিক মুখপাত্র জয়ন্ত কুমাৰ গোস্বামীয়ে কয় যে, গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ উৰিয়ামঘাটত হোৱা উচ্ছেদৰ ফলত ১১ হাজাৰতকৈও অধিক মুছলমানক উচ্ছেদ কৰা হৈছিল।

বর্তমান ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ সংশোধনত সৰুপথাৰ সমষ্টিৰ ১১ হাজাৰ লোকৰ নাম কর্তন হৈছে। এইসকল মিঞালোকৰ নাম কৰ্তনৰ পৰা ৰক্ষা কৰিবলৈ অখিল গগৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে কুৎসাত ৰটনা কৰিছে। এই অভিসন্ধিক সাৰ পানী যোগাবলৈ আৰু মিঞা তুষ্টিকৰণৰ বাবে ৰাজ্যৰ বিৰোধী দলসমূহে বিজেপিৰ সভাপতিৰ বিৰুদ্ধে দিশপুৰ আৰক্ষী থানাত এজোহাৰ প্ৰদান কৰি খিলঞ্জীয়া বিৰোধীৰ পৰিচয় দিছে। মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ পোষকতা কৰা তথা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলিৰ সহায়ত অখিল গগৈয়ে অসমত মিঞা জাতিয়তাবাদৰ নতুন ধাৰা সৃষ্টি কৰিব বিচাৰিছে। নামনি অসমৰ মিঞা অধ্যুষিত অঞ্চল সমূহত যি পূর্বতে হিন্দু বসতি প্রধান অঞ্চল আছিল সেই সমূহত মিঞাক বৈধ ভাৰতীয় সজাবলৈ শ্বেৰমান আলিৰ সহায়ত মিঞা বন্দনাত নামি পৰিছে। ৰাজ্যখনত অনাগত জনগণনাত মুঠ জনসংখ্যাৰ ৪০ শতাংশ মিঞা মুছলমান হ'বগৈ বুলি উল্লেখ কৰি মুখপাত্ৰগৰাকীয়ে বিৰোধীত এনে স্থিতিক তীব্র সমালোচনা কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande