নাজিৰাত ঐতিহাসিক ধোদৰ আলি নিৰ্মাণৰ দাবীত আছুৰ পথ অৱৰোধ
অ এন জি চিক তীব্ৰ গৰিহণা শিৱসাগৰ, ০৯ জানুৱাৰী (হি.স.)। অসমৰ বাট - পথ , দলঙ আদি নিৰ্মাণ কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ তথা মন্ত্ৰী সকলে জয়ঢোল কোবাই আহিছে যদিও শিৱসাগৰ জিলা তথা নাজিৰা বিধান সভা সমষ্টিৰ বাট - পথ আজিও তথ
নাজিৰাত ঐতিহাসিক ধোদৰ আলি নিৰ্মাণৰ দাবীত আছুৰ পথ অৱৰোধ


অ এন জি চিক তীব্ৰ গৰিহণা

শিৱসাগৰ, ০৯ জানুৱাৰী (হি.স.)। অসমৰ বাট - পথ , দলঙ আদি নিৰ্মাণ কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ তথা মন্ত্ৰী সকলে জয়ঢোল কোবাই আহিছে যদিও শিৱসাগৰ জিলা তথা নাজিৰা বিধান সভা সমষ্টিৰ বাট - পথ আজিও তথৈবচ । ইয়াৰ জলন্ত নিদৰ্শন নাজিৰাৰ ঐতিহাসিক ধোদৰ আলি । অসম চৰকাৰৰ বিয়াগোম লোক নিৰ্মাণ বিভাগৰ বৰমূৰীয়া আৰু বি জে পি নেতৃত্বাধীন চৰকাৰে বিৰোধী দলৰ বিধায়ক থকাৰ বাবেই সমষ্টিটো উন্নয়নৰ ক্ষেত্ৰত মাহি আই চকুৰে চাই আহিছে । চৰকাৰৰ এনে কাৰ্যৰ বাবে বিভিন্ন সময়ত ৰাইজ আৰু দল - সংগঠনে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে যদিও কোনো গুৰুত্ব আৰোপ কৰা নাই । তেনে পৰিপ্ৰেক্ষিপ্তত আজি সদৌ অসম ছাত্ৰ সন্থাৰ নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত নাজিৰা নগৰৰ মাজমজিয়াৰ নাজিৰা - শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়ৰ সন্মূখত ঐতিহাসিক ধোদৰ আলি অৱৰোধ কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande