
Assam, 08 জানুৱাৰী
তেজপুৰৰ দোলাবাৰীত উচ্ছেদ প্ৰশাসনৰঃ
শোণিতপুৰ, ০৮ জানুৱাৰী (হি.স.)। তেজপুৰ দোলাবাৰীত আজি শোণিতপুৰ প্ৰশাসনে চলোৱা এক উচ্ছেদ অভিযানত শতাধিক দোকান পোহাৰ উচ্ছেদ কৰা হয় ৷ উল্লেখযোগ্য যে, ১৫ নম্বৰ ৰাষ্ট্ৰীয় পথ আৰু মৰাভৰলী তথা ড° পূৰ্ণ নাৰায়ণ সিংহ সংযোগী পথ তথা তেজপুৰ চহৰ সংযোগী পথৰ এক নম্বৰ দোলাবাৰীত চলা এই উচ্ছেদ অভিযানকলৈ স্থানীয় ব্যৱসায়ী সকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই উচ্ছেদ অভিযানক আক্ৰোশমূলক আখ্যা দিয়ে ৷
শোণিতপুৰ প্ৰশাসনৰ মতে গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথটোৰ দুয়োকাষে বছৰ বছৰ ধৰি একাংশই অবৈধভাৱে দোকান ঘৰ সাজি বজাৰ বহুৱাই আহিছে ৷ এনে অস্থায়ী দোকান-বজাৰৰ বাবেই ইয়াত যান-জঁটৰ উপৰি সঘনে সংঘটিত হৈ আহিছে দুৰ্ঘটনা ৷ পূৰ্বেও ইয়াত উচ্ছেদ চলোৱা হৈছিল য’দিও পুনৰ ইয়াত দোকান স্থাপন কৰা বুলি প্ৰকাশ কৰি এই পথচোৱা মুকলি কৰাৰ স্বাৰ্থতে শোণিতপুৰ জিলা প্ৰশাসনৰ এই উচ্ছেদ অভিযান চলোৱা বুলি প্ৰকাশ কৰিছে ৷ প্ৰশাসনৰ এনে ভাষ্যৰ বিপৰীতে ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ অভিযোগ যে তেওঁলোকক এই উচ্ছেদৰ পূৰ্বে এটা দিনো সময় নিদিলে প্ৰশাসনে ৷ ফলত আকস্মিক ভাবে হোৱা উচ্ছেদৰ সময়ত ব্যৱসায়ী সকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ লগতে তেওঁলোকে সা–সামগ্ৰী সমূহ আঁতৰাবলৈও প্ৰয়োজনীয় সময় লাভ নকৰাৰ অভিযোগ তুলিছে ৷
আনহাতে যি অংশত আজি উচ্ছেদ চলিল সেয়া দোলাবাৰী দৈনিক বজাৰৰ অংশ বুলি প্ৰকাশ কৰি ক্ষুব্ধ ব্যৱসায়ী সকলে কয় যে,এই বজাৰৰ আবন্টন দিয়ে শোণিতপুৰ জিলা পৰিষদে৷প্ৰায় ছয়মাহৰ পূৰ্বেও নিবিদা অনুসৰিয়েই এই বজাৰ আবন্টন দিয়া হৈছিল য’দিও এতিয়া এইখন বজাৰতে প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাটো সম্পূৰ্ণ উদ্দেশ্য প্ৰনোদিত বুলিও ব্যৱসায়ী সকলে মন্তব্য কৰে৷বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰি উচ্ছেদৰ সময়ত প্ৰশাসনে শতাধিক সৰু-বৰ দোকান ভাঙি খাস্তাং কৰে ৷
আনহাতে ভৱিষ্যতে এনে ক্ষুদ্ৰ ব্যৱসায়ীৰ স্বাৰ্থত আন স্থানত বজাৰ নিৰ্মাণৰ বিষয়ে চিন্তা কৰিব বুলি উল্লেখ কৰে জিলা আয়ুক্তই ৷ কিন্তু আয়ুক্তৰ এনে ভাষ্যৰ বিপৰীতে এই অঞ্চলত তাৰ বাবে প্ৰয়োজনীয় ভূমি ক’ত আছে বুলিও প্ৰশ্ন কৰিছে ক্ষুদ্ৰ ব্যৱসায়ী সকলে ৷ উল্লেখযোগ্য যে, প্ৰশাসনৰ এনে উচ্ছেদ তেজপুৰ চহৰত কেতিয়া চলিব বুলিও প্ৰশ্ন উঠিছে ৷ বৃহৎ শ্বপিং মলে চহৰৰ পথকেই পাৰ্কিং কৰি লোৱাৰ বিপৰীতে তেজপুৰৰ ৰবৰবাগান তিনিআলিৰ পৰা দৰং মহাবিদ্যালয় ছাত্ৰাবাস পৰ্যন্ত পথৰ দুয়োপাৰ অধিকাংশই শতাধিক ফাষ্টফুডৰ কাউন্টাৰে বেদখল কৰিছে ৷ পৰিণতিত মহাভৈৰৱ সংযোগী পথটোৰ দুয়োকাষে বহু সংখ্যক যানবাহন অনবৰতে থাকে আৰু পথৰ নামত পথচাৰীৰ বাবে থাকে এটা লুংলুঙীয়া অংশ ৷
তীব্ৰ যানজঁটৰ উদ্ভৱ হোৱা সত্বেও এই বেদখলৰ বিৰুদ্ধে কিন্তু আজিলৈকে শোণিতপুৰ প্ৰশাসনে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ আনকি তেজপুৰ পৌৰসভাও এই ক্ষেত্ৰত হাতসাবতি বহি আছে ৷ ফলমূলৰ দোকানৰ পৰা বিভিন্ন দোকানৰে নিতৌ পুৱাৰ পৰা নিশালৈকে শ্বাসৰুদ্ধকাৰ পৰিস্থিতি উদ্ভৱ কৰাই নহয়, মহাভৈৰৱ অঞ্চলত আনকি পদপথো বেদখল কৰা সকলৰ বিৰুদ্ধে কেৱল জীৱিকাৰ দোহাই দিয়েই আজিলৈকে বেদখলকাৰীক উচ্ছেদ কৰা হোৱা নাই ৷ আনকি উচ্ছেদৰ প্ৰসংগ উত্থাপন হ’লেই বিষয়টো পাছত ৰহস্যজনকভাবে তল পৰে ৷ এনে অৱস্থাত উচ্ছেদ অভিযানৰ নামত খেনোক দেখি ৰন্ধাবঢ়া আৰু খেনোক দেখি দুৱাৰ মৰা নীতি কিয় বুলিও তেজপুৰত আজি চৰ্চা চলিছে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ