কাজিৰঙাত গৰুচোৰৰ উপদ্ৰৱ
কাজিৰঙাত গৰুচোৰৰ উপদ্ৰৱ ৷
কাজিৰঙাত গৰুচোৰৰ উপদ্ৰৱ


গোলাঘাট, ০৮ জানুৱাৰী (হি.স.): কাজিৰঙাত গৰুচোৰৰ উপদ্ৰৱ চলিব ধৰিছে ৷ বচাগাঁৱৰ জীতেন শৰ্মা নামৰ লোকজনৰ ঘৰত আজি পুৱতি নিশা চোৰে গোহালি উদং কৰি লৈ গ’ল পোৱালীসহ দুজনী গৰু ।

গোহালিৰ পৰাই ৰছী কাটি গৰু লৈ যোৱাত শোকত ভাঙি পৰিছে গৃহস্থ । এইক্ষেত্ৰত আৰক্ষীক অতি সোনকালে ব্যৱস্থা গ্ৰহণৰ দাৱী জনািছে পৰিয়ালটোৱে ৷ উল্লেখ্য যে গাওঁখনত শেহতীয়াকৈ বৃদ্ধি পোৱা গৰু চুৰিক লৈ চিন্তিত হৈ পৰিছে ৰাইজ । সঘনাই এনে ঘটনা সংঘটিত হৈ থকাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত সচেতন ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande